ETV Bharat / state

Tea garden workers Protest : নাহৰকটীয়াৰ বালিমৰা চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ - নাহৰকটীয়া সমষ্টি

বালিমৰা চাহ বাগিচাৰ শ্ৰমিক সকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে বাগিচা কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বাগিচাৰ পৰিচালকক দুঘণ্টা আবদ্ধ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে ৷

Tea garden workers Protest at Balimara Tea Estate
শ্ৰমিকৰ প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:21 PM IST

বালিমৰা চাহ বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদ

নাহৰকটীয়া, 7 ছেপ্টেম্বৰ : নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত বালিমৰা চাহ বাগিচাৰ শ্ৰমিকসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমাধানৰ দাবীত বৃহস্পতিবাৰে কৰ্তব্যত নিয়োজিত হোৱাৰ পৰিবৰ্তে বাগিচা কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চাহ বাগিচাখনৰ ফেক্টৰী আৰু বাগিছাখন পৃথক মালিকাধীন হৈ দুটা ভাগত বিভক্ত হৈ থকাৰ ফলত জীয়াতু ভূগি অহা চাহ শ্ৰমিকসকলে সু-চিকিৎসা ব্যৱস্থা আৰু দৈনিক মজুৰি বৃদ্ধিৰ লগতে বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক খালী পদসমূহত নিয়োজিত কৰাৰ দাবীৰে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বাগিচাৰ পৰিচালকক দুঘণ্টা আবদ্ধ কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে বাগিচাখনত শ্ৰমিকসকলৰ সমস্যাৰ ক্ষেত্ৰত মাত মতাৰ বিপৰীতে এজন আটছা নেতাই নিজৰ চৰিতাৰ্থ পূৰণ কৰি থকাৰ ফলতেই অধিক সমস্যাৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নাহৰকটীয়া শাখাৰ বিষয়ববীয়া শংকৰা তেলীয়ে বালিমৰা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে ষ্টাফ গ্ৰেড'ৰ চাকৰি কৰি থকা অৱস্থাত নিজৰ পত্নীকো মালিকৰ পৰা লিখাই অনা বুলি কৈ বাগিছা কাৰ্যালয়ত চাকৰিত ভৰ্তি কৰোৱাত অধিক উত্তেজিত হৈ পৰে প্ৰতিবাদকাৰী শ্ৰমিক আৰু বাগিচাখনৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকল ৷

বাগিচাখনত অসংখ্য উপযুক্ত আৰু শিক্ষিত নিবনুৱা থকাৰ পাছতো কোনোধৰণৰ বিজ্ঞাপন অথবা সাক্ষাৎকাৰ অবিহনে কেৱল ছাত্ৰ নেতা হোৱাৰ সুবাদতে পত্নীক ষ্টাফ গ্ৰেদ'ৰ চাকৰিত নিয়োগ কৰোৱাত প্ৰতিবাদকাৰী সকলে পৰিচালকৰ হৈতে তীব্ৰ বিতণ্ডাত লিপ্ত হয় ৷ তাৰোপৰি 25 জন শ্ৰমিকেৰে পৰিচালিত বাগিচাখনৰ ফেক্টৰীটোত 7 জন শ্ৰমিকক কৰ্তন কৰি 18 জন শ্ৰমিকক অতিৰিক্ত বোজা জাপি দিয়াৰ লগতে কেইবামাহো দৰমহা নিদিয়াকৈ খটুৱাই থকাৰো অভিযোগ উঠিছে ৷ ইফালে চাহেৱালা মালকাধীন বাগিচাখনৰ অনিয়মিত ৰেচন-পাতিকে ধৰি গ্ৰেচ্যুইটি, অৱসৰৰ প্ৰাপ্য আদি বহুতো পাবলগীয়া এতিয়াও বাকী হৈ থকাত শ্ৰমিকসকল যথেষ্ট সমস্যাত ভুগি থাকিবলগীয়া হৈছে ৷

আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বাগিচাখনৰ শ্ৰমিক আৰু নিবনুৱাসকলে তেওঁলোকৰ সমস্যা সমূহ শীঘ্ৰে সমাধান কৰাৰ লগতে বিনা বিজ্ঞাপনে চাকৰি লোৱা একেটা ঘৰৰ দুজনৰ ভিতৰত এজনৰ নিযুক্তি বাতিল কৰি উপযুক্ত শিক্ষিত নিবনুৱাক নিযুক্তি দিয়াৰ দাবী জনায় ৷ লগতে প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ এই সমূহ সমস্যা শীঘ্ৰে সমাধানৰ ব্যৱস্থা নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও সকীয়াই দিয়ে ৷

লগতে পঢ়ক : Bharat Jodo Yatra: সহস্ৰাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ সোণাৰিত ভূপেন বৰাৰ পদযাত্ৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.