ETV Bharat / state

Sankardev Sangha Controversy: ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধৰ হুংকাৰ টাইপাৰ

অহা ৪ নৱেম্বৰৰ পৰা সোণাৰিৰ সাপেখাতীত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ, আইমাতৃ সমাৰোহৰ প্ৰথমদিনা টাইপাই ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে ৬ নৱেম্বৰত ঘোষণা কৰিব চৰাইদেউ জিলা বন্ধ (TAYPA reacted on Sankardev Sangha decision) ।

TAYPA
TAYPA
author img

By

Published : Oct 26, 2022, 7:48 PM IST

মৰাণ, ২৬ অক্টোবৰ : আহোমসকলৰ বিবাহ পদ্ধতি চকলং প্ৰথাৰে অনুষ্ঠিত কৰা বিয়াত উপস্থিত থকাৰ বাবেই মৰিয়নিৰ নকচাৰীৰ চাৰিটা পৰিয়ালক শংকৰদেৱ সংঘই এঘৰীয়া (Family expelled by Sankardev Sangha) কৰি শুদ্ধি কৰা খবৰ ৰাজহুৱা হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধৰ হুংকাৰ টাইপাৰ

আহোমসকলৰ বিবাহ পদ্ধতি চকলং সন্দৰ্ভত শংকৰদেৱ সংঘই এই কাণ্ড কৰাক লৈ শংকৰদেৱ সংঘৰ (Sankardev Sangha unsocial work in Morioni) বিৰুদ্ধে কঠোৰ হৈছে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা (Sankardev Sangha Morioni expelled 4 families) । আহোম জনগোষ্ঠীৰ ওচৰত শংকৰদেৱ সংঘৰ বিষয়ববীয়াই ক্ষমা নুখুজিলে অহা ৬ নৱেম্বৰত চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিব টাইপাই (TAYPA will called Charaideu District bandha) ।

অহা ৪ নৱেম্বৰৰ পৰা সোণাৰিৰ সাপেখাতীত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ, আইমাতৃ সমাৰোহৰ প্ৰথমদিনা টাইপাই ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে ৬ নৱেম্বৰত ঘোষণা কৰিব চৰাইদেউ জিলা বন্ধ (TAYPA reacted on Sankardev Sangha decision) । ইয়াৰ পৰিপ্ৰেক্ষিতত শংকৰদেৱ সংঘক শীঘ্ৰেই আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ ।

ইফালে শ্ৰীমন্ত শংকৰদেৱ সংঘই সাতামপুৰুষীয়া সম্প্ৰীতিত কুঠাৰাঘাত কৰাৰ লগতে চকলং বিবাহ পদ্ধতিক বিৰোধিতা কৰি আহোম জাতিক অপমান কৰিছে বুলি মন্তব্য টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ । আনহাতে, সমগ্ৰ আহোম জাতিৰ ওচৰত শ্ৰীমন্ত শংকৰদেৱ সংঘই ক্ষমা নুখুজিলে প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হওক বুলিও মন্তব্য টাই আহোম যুৱ পৰিষদ, অসমৰ ।

উল্লেখ্য, সময়ে সময়ে শংকৰদেৱ সংঘ এনে ধৰণৰ বিৰ্তকৰ মাজত সোমাই আহিছে । ইতিমধ্যে এনে বহু ঘটনা ঘটিছে যাৰ বাবে শংকৰ সংঘ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । শংকৰদেৱৰ উদাৰ নীতিক ভৰিৰে মোহাৰি শংকৰ সংঘৰ কেতবোৰ পাবত গজা নেতাই শংকৰদেৱৰ সমগ্ৰ আদৰ্শ নীতিকে ভৰিৰে মোহাৰি আহিছে ।

'কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম' বুলি শংকৰদেৱে যি মহান আদৰ্শৰ বাণী দি থৈ গৈছে তাকো যেন কেৰেপ নকৰে এইসকল শংকৰ সংঘৰ বিষয়ববীয়াই । যাৰ বাবে সময়ে সময়ে বিতৰ্কৰ কেন্দ্ৰবিন্দুত সোমাই পৰাৰ লগতে শংকৰ সংঘৰ নীতি-আদৰ্শক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে । ইতিমধ্যে গাহৰি, কুকুৰা পোহাৰ বাবেই শংকৰ সংঘই কেইবাজনো লোকক সমাজ ব্যৱস্থাৰ পৰা এঘৰীয়া কৰাৰ উদাহৰণ আছে । কিন্তু লক্ষণীয় কথা এইটোৱে যে শংকৰদেৱ সংঘৰ পদাধিকাৰজনেই আহোম জনগোষ্ঠীৰ ।

লগতে পঢ়ক :Press conference of ANS: ভাৰত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিব অসম নাগৰিক সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.