মৰাণ , ২৭ ডিচেম্বৰ : মৰাণত টাই আহোম যুৱ পৰিষদ(টাইপা)ৰ পঞ্চম পঞ্চবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আয়োজন কৰা হয় । শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মৰাণৰ তিলৈ গ্ৰাম্যবজাৰ প্ৰাংগণত আয়োজন কৰা হয় টাইপাৰ কেন্দ্ৰীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ।
শনিবাৰে অগণন লোকৰ সমাগমেৰে কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয় । দেওবাৰে পুৱা চাফাই অভিযানেৰে আৰম্ভ হয় দ্বিতীয় দিনাৰ কাৰ্যসূচী । আবেলি এই অনুষ্ঠানতে ডিব্ৰুগড়, মৰাণ আৰু মাহমৰাৰ কেইবাজনো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ।
সম্বৰ্ধনা গ্ৰহণ কৰাৰ পিছতে উপস্থিত সাংবাদিকসকলৰ বহুকেইগৰাকীয়ে বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰাই আহোম জনগোষ্ঠীটোৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । আনহাতে ডিব্ৰুগড় জিলা প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে ভাষণ প্ৰসংগত জাতিটো শক্তিশালী কৰিবলৈ টাইপাক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : ছাতাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত 6