ডিব্ৰুগড়, 31 অক্টোবৰ : অসমত প্ৰথমবাৰৰ বাবে চিকিৎসা কৰ্মচাৰীক উৎসাহ দিয়াৰ উদ্দেশ্যে উজনি অসমৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত মঙবাৰে কৰ্মচাৰীৰ প্ৰতীকপট উন্মোচন কৰা হয় ৷
অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কৰ্মৰত কর্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ সহযোগত নিৰ্মাণ কৰি উলিওৱা কৰ্মচাৰীৰ প্ৰতীকপটটো আজি উন্মোচন কৰে চিকিৎসা মহাবিদ্যালয়ৰখনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে । উক্ত প্ৰতীকপটত অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ বিভিন্ন কামৰ নমুনাৰ ছবি উল্লেখ কৰা আছে ৷
প্ৰতীকপট উন্মোচনী অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ চিকিৎসা মহাবিদ্যালয়খনৰ চাফাই কৰ্মীৰ পৰা এম্বুলেন্স চালকলৈকে সকলোকে সামৰি এই প্ৰতীকপটত অংকন কৰি মহাবিদ্যালয়খনৰ কৰ্মচাৰীসকলক উৎসাহিত কৰাৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে অধ্যক্ষ কাকতিয়ে ।
অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে প্ৰতীকপট উন্মোচন কৰি কয় যে, অসম চিকিৎসা মহাবিদ্যালয়ৰ বাবে আজি এটা উল্লেখযোগ্য দিন । আজি যি প্ৰতীকপট উন্মোচন কৰা হ'ল ই সঁচাকৈ অভূতপূৰ্ব । এইদৰে প্ৰতীকপট কোনো অনুষ্ঠানত আজিলৈকে হোৱা নাই । এই প্ৰতীকপটে প্ৰতিটো দিনতে কৰ্মচাৰীসকলক উৎসাহিত কৰি যাব ।
তেওঁ কয়, ‘‘এটা অনুষ্ঠান চলিবলৈ হ’লে অনুষ্ঠানৰ মুৰব্বীৰ পৰা আৰম্ভ কৰি প্ৰতিজন কৰ্মচাৰীৰ অৰিহণা থাকে ৷ সেই অৰিহণাৰ স্বীকৃতিৰ প্ৰয়োজন ৷ সেই স্বীকৃতিৰ চিন স্বৰূপে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰীৰ সৌজ্যনত নিৰ্মাণ কৰি উলিওৱা প্ৰতীকপট আজি উন্মোচন কৰা হ’ল ৷ কলেজখন চলাই যাবলৈ ইয়াৰ প্ৰতিজন কৰ্মচাৰীৰ কৰ্মস্পৃহা আৰু প্ৰেৰণাৰ প্ৰয়োজন ৷ কৰ্মচাৰীৰ কৰ্মস্পৃহা আৰু প্ৰেৰণাৰ চিন হৈ ৰ’ব এই প্ৰতীকপট ৷’’