ডিব্ৰুগড়,19 অক্টোবৰঃ ডিব্ৰুগড় চাৰখলীয়া চাপৰিৰ ৰামসিংহ ঘাটত গোৱলাৰ ওপৰত টি এম পি কে সংগঠনৰ নাম লৈ দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰে । দুৰ্বৃত্তৰ দলে দা-লাঠিৰে কৰা আক্ৰমণত দুজন লোক আহত হয় । দাৰ ঘাপত আহত হোৱা মূৰুলী যাদৱ বৰ্তমান ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ নাছিংহোমৰ আই চি ইউত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে বিজয় যাদৱ সম্প্ৰতি অসম চিকিৎসা মহাবিদ্যালয়ত হাস্পতালত চিকিৎসাধীন হৈ আছে । গোৱলাৰ পৰা দাবীকৰা ধন নোপোৱাৰ বাবে আজি টি এম পি কেৰ এটা দলে গোৱালৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । টি এম পি কেৰ ধেমাজি জিলাৰ লাই মেকুৰী আঞ্চলিক সমিতিয়ে লিখিত পত্ৰৰে গোৱালসকলৰ পৰা ধন দাবী কৰি আহিছিল দলটো । ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চাৰখলিয়া চাপৰিৰ ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে টি এম পি কেৰ লাই মেকুৰী আঞ্চলিক সমিতিৰ বিৰুদ্ধে গোচৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে । ডিব্ৰুগড়ৰ পৰা নাৱেৰে তিনিঘন্টা সময় লগাৰ বাবে আৰক্ষীয়ে পুৱা অভিযান চলোৱাৰ সম্ভাৱনা আছে । চাৰখলিয়া আৰু চকিয়া চাপৰিত গৰু, মহ পালন কৰি গাখীৰ যোগান ধৰা এহেজাৰ পৰিয়ালে স্বাধীনতাৰ পূৰ্বৰে পৰা চাপৰি দুটাত বসবাস কৰি আহিছে ।
আৰু পঢ়ক