ETV Bharat / state

Asom Divas 2022 : আজিও অৱহেলিত চুকাফা মৈদাম

author img

By

Published : Dec 2, 2022, 3:34 PM IST

আজিও অৱহেলিত, অনাদৃত চুকাফা মৈদাম (Sukapha Moidam) । অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোঁতা এইগৰাকী মহান ব্যক্তিৰ সমাধিস্থল আজিও উপেক্ষিত ।

Sukapha
Sukapha

মৰাণ, ২ ডিচেম্বৰ : আজি চুকাফা দিৱস (Sukapha Divas) । ৰজাঘৰৰ লগতে প্ৰজাঘৰেও আয়োজন কৰিছে চুকাফা দিৱস তথা অসম দিৱসৰ কাৰ্যসূচী (Asom Divas celebrated in Assam) । বৰ অসমৰ ভেটি গঢ়োঁতা স্বৰ্গদেউ চাওলুং চুকাফাৰ শৌৰ্য-বীৰ্য-পৰাক্ৰমক সুঁৱৰি প্ৰতিবছৰে পালন কৰি অহা হৈছে অসম দিৱস ।

আজিও অৱহেলিত চুকাফা মৈদাম

কিন্তু অতি পৰিতাপৰ কথা যে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ আৰম্ভণি কৰোঁতা এইগৰাকী মহান ব্যক্তিৰ সমাধিস্থল আজিও অৱহেলিত, অনাদৃত তথা উপেক্ষিত হৈ আছে (Sukapha Moidam) । সুদূৰ মুংমাওৰপৰা পদব্ৰজে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰখণ্ডত সাতৰাজ মাৰি এক ৰাজ কৰি আহোম ৰাজশাসনৰ জৰিয়তে বৰ অসম গঢ়া স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল এতিয়া বেদখলকাৰীৰ কবলত ।

ছশ বছৰীয়া আহোম (Ahom Kingdom) ৰাজত্বকালৰ প্ৰথমগৰাকী স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল অৰ্থাৎ মৈদাম সুদীৰ্ঘকাল অচিনাক্ত হৈ থকাৰ পাছত ২০১৪-১৫ বৰ্ষত উদ্ধাৰ কৰা হৈছিল মৈদামটো । একাংশ আহোম গৱেষক তথা আহোম জনগোষ্ঠীয় সংগঠনৰ তৎপৰতাত চাহ বাগিচা অঞ্চলৰ মাজত চাৰিটা মৈদাম উদ্ধাৰ কৰি চিনাক্তকৰণ কৰাৰ লগতে পৰৱৰ্তী সময়ত চুকাফাৰ মৈদামটোত বেৰ দি সংৰক্ষণৰ কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছিল (first Ahom king Saolung Sukapha) ।

কিন্তু অসম চৰকাৰ তথা ৰাজ্যিক প্ৰত্নতত্ব বিভাগক চুকাফা মৈদাম সংৰক্ষণৰ বাবে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো তাৎপৰ্যপূৰ্ণভাৱে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল । যাৰ ফলত এতিয়াও অৱহেলিত, অনাদৃত অৱস্থাত পৰি ৰ'ল স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ সমাধিস্থল ।

উল্লেখ্য, ১২২৮ চনৰ ২ ডিচেম্বৰত (১৬ আঘোণ) চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰপীঠত ভৰি থোৱাৰ ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে চৈখোৱাৰ ভীমকান্ত বুঢ়াগোঁহাই নামৰ এজন লোকে ১৯৭২ চনতে হাতত লৈছিল এক প্ৰচেষ্টা (Sao Lung Sukapha) । তাৰেই ফলশ্ৰুতিত পৰৱৰ্তী সময়ত চুকাফা দিৱস তথা অসম দিৱসৰ আৰম্ভণি । আজি সমগ্ৰ ৰাজ্যজুৰি চুকাফাৰ অৱদানক শ্ৰদ্ধাৰে সুঁৱৰিছে অসমবাসীয়ে (tribute to Sukapha) ।

লগতে পঢ়ক :Asom Divas 2022 : অসমীয়া জাতিৰ পিতৃপুৰুষ চুকাফাক ৰাজ্যজুৰি স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.