টিংখাং,4 জানুৱাৰী: কাঠফুলাৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মল্লিকা গগৈ মেচে । টিংখাং ধমন শালমাৰিৰ মল্লিকা গগৈ মেচে অতি কম মূল ধন বিনিয়োগ কৰি বিগত দুই বছৰে আৰ্থিকভাৱে বহুখিনি উপকৃত হোৱা বুলি জানিবলৈ দিয়ে। নিজ ঘৰতে কাঠফুলা উৎপাদন কৰাৰ লগতে বজাৰত বিক্ৰী কৰি বছৰি লাখ টকা উপাৰ্জন কৰা মল্লিকা হৈ পৰিছে অন্য মহিলাৰ বাবে আদৰ্শস্বৰূপ। উল্লেখ্য যে কাঠফুলা ব্যৱসায়ৰ ক্ষেত্ৰত মল্লিকাই নিজৰ লগতে গাঁৱৰে কেবাগৰাকী মহিলাকো প্ৰশিক্ষণ দিয়াৰ লগতে কৰ্ম সংস্থাপনো দিছে । চৰকাৰী সাহাৰ্য অবিহনে গ্ৰাম্য অৰ্থনীতিত প্ৰচুৰ সম্ভাৱনাৰ সূচনা কৰিছে টিংখাঙৰ মল্লিকা গগৈ মেচে ।
স্বাৱলম্বিতাৰ নিদৰ্শন টিংখাঙৰ মল্লিকা গগৈ মেচ - কাঠফুলাৰ খেতি কৰি স্বাৱলম্বী টিংখাঙৰ এগৰাকী মহিলা
স্বামীৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি স্বামীৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰে মলিকাই ৷
![স্বাৱলম্বিতাৰ নিদৰ্শন টিংখাঙৰ মল্লিকা গগৈ মেচ কাঠফুলাৰ খেতিৰে স্বাৱলম্বীতাৰ নিদৰ্শন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5592634-thumbnail-3x2-jj.jpg?imwidth=3840)
টিংখাং,4 জানুৱাৰী: কাঠফুলাৰ খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মল্লিকা গগৈ মেচে । টিংখাং ধমন শালমাৰিৰ মল্লিকা গগৈ মেচে অতি কম মূল ধন বিনিয়োগ কৰি বিগত দুই বছৰে আৰ্থিকভাৱে বহুখিনি উপকৃত হোৱা বুলি জানিবলৈ দিয়ে। নিজ ঘৰতে কাঠফুলা উৎপাদন কৰাৰ লগতে বজাৰত বিক্ৰী কৰি বছৰি লাখ টকা উপাৰ্জন কৰা মল্লিকা হৈ পৰিছে অন্য মহিলাৰ বাবে আদৰ্শস্বৰূপ। উল্লেখ্য যে কাঠফুলা ব্যৱসায়ৰ ক্ষেত্ৰত মল্লিকাই নিজৰ লগতে গাঁৱৰে কেবাগৰাকী মহিলাকো প্ৰশিক্ষণ দিয়াৰ লগতে কৰ্ম সংস্থাপনো দিছে । চৰকাৰী সাহাৰ্য অবিহনে গ্ৰাম্য অৰ্থনীতিত প্ৰচুৰ সম্ভাৱনাৰ সূচনা কৰিছে টিংখাঙৰ মল্লিকা গগৈ মেচে ।
Body:টিংখাং- কাঠফুলাৰ খেতি কৰি স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ মল্লিকা গগৈ মেচে । টিংখাং ধমন শালমাৰিৰ এই মহিলাগৰাকীয়ে বিগত দুটাবছৰ ধৰি কৰি আহিছে কাঠফুলা খেতি । অতি কম মুলধন বিনিয়োগ কৰি মাহেকত যথেষ্ট পৰিমাণে ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে । স্বামীৰ উপাৰ্জনক আশা নকৰি নিজেই উপাৰ্জন কৰি স্বামীৰ সমানে সমানে পৰিয়াল চলোৱাত সহায় কৰে মলিকাই ৷ নিজ ঘৰতে অতি কম মূলধনেৰে কাঠফুলা উৎপাদন কৰি বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰে মলিকা গগৈ মেচে। মলিকাই বছৰি লাভ কৰে লাখ টকা উপাৰ্জন কৰাৰ লগতে অসমৰ মহিলাৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ। বৰ্তমান বজাৰত প্ৰতি কেজি কাঠফুলা দাম প্ৰায় দুশ টকা বিক্ৰি কৰিছে । আনহাতে গাঁৱৰে কেইবাগৰাকী মহিলাক প্ৰক্ষিশন দিয়াৰ লগতে কৰ্ম সংস্থাপনো দিছে মলিকা গগৈ মেচে । চৰকাৰী সাহাৰ্য অবিহনে গ্ৰাম্য অৰ্থনীতিত প্ৰচুৰ সম্ভাৱনাৰ সূচনা কৰিছে এইগৰাকী মহিলাই ।
বাটত-1,2
টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ