ETV Bharat / state

ড° মিতালী কোঁৱৰৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন ধৰ্মঘট ছাত্ৰ সমাজৰ - অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়

শিশু নিৰ্যাতনৰ অভিযোগেৰে অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীত মৰাণ মহাবিদ্যালয়ৰ চৌহদত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ সমাজে অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত শিশু নিৰ্যাতনকাৰী অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী ৷

Students society protest against Principal of Moran College
অধ্যক্ষা ড° মিতালী কোঁৱৰৰ বিৰুদ্ধে অনিৰ্দিষ্টকালীন ধৰ্মঘট ছাত্ৰ সমাজৰ
author img

By

Published : Jul 31, 2021, 10:33 PM IST

মৰাণ, 31 জুলাই : মহাবিদ্যালয়ৰ বিত্তীয় কেলেংকাৰীৰ লগতে শিশু নিৰ্যাতনৰ অভিযোগেৰে অভিযুক্ত মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীত ছাত্ৰ সমাজৰ প্ৰতিবাদ সাব্যস্ত ৷ শুকুৰবাৰৰ পৰা মৰাণ মহাবিদ্যালয়ৰ চৌহদত প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ সমাজে অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ প্ৰতিদিনে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত শিশু নিৰ্যাতনকাৰী অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী ৷

চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰক নিজৰ ঘৰত বন কৰা শিশুক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ সেইবাবে দুবছৰ পূৰ্বে অসম চৰকাৰৰ উচ্চশিক্ষা সঞ্চালকালয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা নিলম্বিত কৰিছিল মিতালী কোঁৱৰক । ড° কোঁৱৰৰ ঠাইত সেইসময়ত মহাবিদ্যালয় পৰিচালনা সমিতিয়ে মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ড° তাৰানাথ নাথক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰিছিল ।

লগতে পঢ়ক: মৰাণ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত জ্বলিল অধ্যক্ষাৰ প্ৰতিকৃতি

সমান্তৰালভাৱে অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়ৰ বিভিন্ন শিতানৰ পুঁজি আত্মসাৎ কৰা, মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ স্থগিত ৰখা, ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিদিয়া আদি বিভিন্ন অভিযোগ উত্থাপিত হৈছিল ৷ এনে অভিযোগৰ ভিত্তিত অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৰাণ নগৰ শাখাৰ সম্পাদক প্ৰদ্যুৎ ফুকনৰ এজাহাৰৰ ভিত্তিত চৰাইদেউ জিলাৰ মৰাণহাট থানাত এক গোচৰ ৰুজু হৈ আছে ৷ শেহতীয়াকৈ অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ড° মিতালী কোঁৱৰক পুনৰ অধ্যক্ষা হিচাপে নিযুক্তি দিয়ে ৷ সেই অনুসৰি ৫ জুলাইত মহাবিদ্যালয়খনত অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছতে মহাবিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: বিতৰ্কিত অধ্যক্ষা ড৹ মিতালী কোঁৱৰৰ পুনঃযোগদানক লৈ তীব্ৰ চাঞ্চল্য

মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ লগতে ছাত্ৰ সমাজে অধ্যক্ষাগৰাকীক যোগদানত বাধা প্ৰদান কৰে ৷ এই সন্দৰ্ভত মহাবিদ্যালয়ৰ শিক্ষকসকলে শেহতীয়াকৈ Google meet ৰ জৰিয়তে এখন সভা অনুষ্ঠিত কৰি অধ্যক্ষাগৰাকীৰ সম্পৰ্কত শূণ্য সহনশীল নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ছাত্ৰসকলে অধ্যক্ষাগৰাকী দোষমুক্ত নোহোৱালৈকে মহাবিদ্যালয়ৰ চৌহদত প্ৰৱেশ নকৰিবলৈ সকিয়াই দিয়ে ৷

ইয়াৰ পাছতো অধ্যক্ষাগৰাকীয়ে কলেজলৈ পুনৰ অহাত দুদিনৰ পূৰ্বে ছাত্ৰ সমাজে কলেজ চৌহদৰ পৰা খেদি পঠাইছিল ৷ আনকি বহু ছাত্ৰই অধ্যক্ষাগৰাকীৰ গাড়ীলৈ লক্ষ্য কৰি জোতা-চেণ্ডেল নিক্ষেপ কৰিছিল ৷ ইমানৰ পাছতো অধ্যক্ষাগৰাকীৰ মইমতালিৰ বাবে শুকুৰবাৰৰ পৰা মহাবিদ্যালয়ৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ সমাজে অধ্যক্ষগৰাকীৰ নিলম্বন আৰু গ্ৰেপ্তাৰৰ দাবীত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ মহাবিদ্যালয়ৰ আন্তঃগাঁথনিৰ ধনৰ ব্যাপক খেলিমেলি কৰা আৰু শিশু নিৰ্যাতনকাৰী অধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ আৰু চাকৰিৰ পৰা নিলম্বন নকৰা পৰ্যন্ত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি প্ৰতিবাদী ছাত্ৰ সমাজে জানিবলৈ দিছে ।

লগতে পঢ়ক: মিতালী কোঁৱৰক বৰ্খাস্তৰ দাবীত মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.