ETV Bharat / state

নাড্ডাৰ প্ৰতিকৃতি দাহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ প্ৰতিকৃতি দাহ ৷ বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহিলে 'কা' বলবৎ কৰিব বুলি কৰা নাড্ডাই কৰা মন্তব্যৰ প্ৰতি ক্ষোভ প্ৰদৰ্শন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে নাড্ডাৰ প্ৰতিকৃতি দাহ কৰে ৷

students community of dibrugarh university burnt effigy of j p nadda
নাড্ডাৰ প্ৰতিকৃতি দাহ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ
author img

By

Published : Mar 24, 2021, 11:19 AM IST

মৰাণ, 24 মাৰ্চ: অসমত বিজেপি পুনৰ শাসনলৈ অহাৰ পিচতে কেন্দ্ৰই পুনৰ নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিব বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই এক মন্তব্য কৰাৰ পাছতে জাঙুৰ খাই উঠিছে ৰাজ্যৰ জাতীয় দল-সংগঠন ৷ গুৱাহাটীত অনুষ্ঠিত হোৱা বিজেপিৰ এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে কৰা এই মন্তব্যৰ প্ৰতি ক্ষোভ প্ৰদৰ্শন কৰি মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

'কা' আন্দোলনৰ পাঁচজনকৈ শ্বহীদক অৱমাননা কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে পুনৰ 'কা' আনিব বুলি সদম্ভে কৰা ঘোষণাক গৰিহণা দি মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ প্ৰতিকৃতি দাহ কৰি 'কা' বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

students community of dibrugarh university
'কা' বলবৎ কৰিব বুলি কৰা নাড্ডাই কৰা মন্তব্যৰ প্ৰতি ক্ষোভ ছাত্ৰ সমাজৰ

বিগত এটা বছৰতকৈ অধিক দিন ধৰি অসমীয়াই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীৰ এনে মন্তব্যৰ পাছতে অসমীয়া জাতিটোক নিঃশেষ কৰাৰ আন এক চক্ৰান্ত কৰা হৈছে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে ৷

কোনো কাৰণতে অসমীয়া জাতিয়ে জাতিধ্বংসী আইনখন নামানে বুলি দাবী কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ মন্তব্যই অসম আৰু অসমীয়াৰ আবেগক ভেঙুচালি কৰা বুলি অভিযোগ কৰি প্ৰতিবাদকাৰী সকলে এনে কাৰ্য কোনোপধ্যে সহ্য কৰা ন'হব বুলি হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক: লাহোৱাল, ডিব্ৰুগড় সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.