ETV Bharat / state

ষট পূজা উদযাপনক লৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা - জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী

ষট পূজাকলৈ ডিব্ৰুড় জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা ৷ ক'ভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসমাগম পৰিহাৰ কৰি ষট পূজা নিজ নিজ ঘৰতে উদযাপন কৰিবলৈ পূজা সমিতিসমূহক নিৰ্দেশ প্ৰশাসনৰ ৷ ব্ৰহ্মপুত্ৰৰ নদীৰ ঘাটলৈ যোৱা মূল পথসমূহত বেৰিকেড দিয়াৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান ৷

As_Moran_Strict_instructions_from_The_District_Administration_img_As10031
ষট পূজা উদযাপনক লৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা
author img

By

Published : Nov 19, 2020, 10:34 PM IST

ডিব্ৰুগড়,19 নৱেম্বৰ: ডিব্ৰুগড় জিলাত ষট পূজা উদযাপনক লৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা ৷ বৃহস্পতিবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ষট পূজা সমিতি সমূহৰ সৈতে ডিব্ৰুগড় জিলা প্ৰশাসনে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাখনত সাম্প্ৰতিক ক'ভিড-১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জনসমাগম পৰিহাৰ কৰি ষট পূজা নিজ নিজ ঘৰতে উদযাপন কৰিবলৈ পূজা সমিতিসমূহক নিৰ্দেশ দিছে ৷ পূৰ্বৰ বছৰসমূহৰ দৰে নদীৰ ঘাটত ষট পূজা উদযাপন কৰিবলৈ অনুমতি প্ৰদান কৰা নহ'ব বুলিও পুনৰবাৰ স্পষ্ট কৰি দিয়ে ৷

As_Moran_Strict_instructions_from_The_District_Administration_img_As10031
ষট পূজা উদযাপনক লৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা

এই নিৰ্দেশনা যাতে কোনো কাৰণতে উলংঘন কৰা নহয় তাৰ বাবে আৰক্ষী বিভাগক ব্ৰহ্মপুত্ৰৰ নদীৰ ঘাটলৈ যোৱা মূল পথসমূহত বেৰিকেড দিয়াৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিছে ৷ এই গুৰুত্বপূৰ্ণ সভাখনত আৰক্ষী অধীক্ষক প্ৰতীক থুবে, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্তদ্বয় ডিপু কুমাৰ ডেকা আৰু ৰঞ্জিত কোঁৱৰ, ডিব্ৰুগড় ৰাজহ চক্ৰ বিষয়াসকল আৰু জিলাখনৰ বিভিন্ন ষট পূজা সমিতিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷

লগতে পঢ়ক :টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.