ETV Bharat / state

ডিব্ৰুগড়ত ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন

author img

By

Published : Apr 23, 2020, 2:11 PM IST

হঠাৎ অহা ধুমুহাজাকে টাচ পাতৰ দৰে উৰুৱাই নিয়ে অঞ্চল কেইটাৰ শ শ বাসগৃহৰ লগতে বিদ্যালয়ৰ টিনপাত ৷

Storm damages various place of dibrugarh
ডিব্ৰুগড়ত ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন

ডিব্ৰুগড়,23 এপ্ৰিল: কৰ'ণা ভইৰাছৰ আতংকৰ মাজতে প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে ডিব্ৰুগড়ৰ বহু অঞ্চল ৷ বুধবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা জাকে বিস্তৰ ক্ষতি সাধন কৰে বান বিধ্বস্ত লেজাই-কলাখোৱা,মধুপুৰ আদি বিভিন্ন অঞ্চল ৷ হঠাতে অহা ধুমুহা জাকে টাচ পাতৰ দৰে উৰুৱাই নিয়ে অঞ্চল কেইটাৰ শ শ বাসগৃহৰ লগতে বিদ্যালয়ৰ টিনপাত ৷ লগতে উক্ত ধুমুহা জাকে বিস্তৰ ক্ষতিসাধন কৰে লৰুৱা মৌজা অনৰ্গত লেজাই-কলখোৱা,মধুপুৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ প্ৰায় 500 শতকৈ অধিক বাসগৃহ ৷

ডিব্ৰুগড়ত ধুমুহাৰ ফলত বিস্তৰ ক্ষতিসাধন

ইয়াৰ উপৰিও প্ৰচণ্ড ধুমুহা জাকত বহুটো সৰু বৰ গছ বাগৰি পৰাত কেইবাটাও গৰুৰ লগতে মৃত্যু হয় এটা মহৰ ৷ পথৰ ওপৰতে বাগৰি পৰে বহু কেইটা বিদ্যুতৰ পকী খুটা ৷ উল্লেখ্য যে প্ৰচণ্ড ধুমুহা জাকে বিস্তৰ ক্ষতিসাধন কৰে লেজাই জাতীয় বিদ্যালয়ৰ ৷ নিমিষতে বিধ্বস্ত হৈ পৰে স্কুল গৃহৰ লগতে লাইব্ৰেৰী ৷ নষ্ট হয় বহু কিতাপ পত্ৰৰ লগতে অতি প্ৰয়োজনীয় নথি-পত্ৰ ৷ যাৰ বাবে এতিয়া এতিয়া চিন্তাত পৰিছে অত্যন্ত পিছপৰা অঞ্চলটোৰ এই বিদ্যালয়খনত অধ্যয়ন কৰা 300 ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক ৷

লগতে পঢ়কঃ শিৱসাগৰত জিলা প্ৰশাসনৰ চোৰাং পাচলি জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.