ETV Bharat / state

Heavy Storm in Dibrugarh: ডিব্ৰুগড়ৰ ভিন্ন অঞ্চলত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ - ধুমুহা শিলাবৃষ্টিৰ তাণ্ডৱ

ধুমুহাৰ ফলত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতি । জিলাখনৰ দাঁতি কাষৰীয়া ৰহমৰীয়া,লেজাই - কলাখোৱা, জকাই আদি অঞ্চলত ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ ব্যাপক ক্ষতি সাধন হয় ৷ প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ডিব্ৰুগড় জিলাৰ খোৱাং আৰু মৰাণত ৷ নিশাটো মুষলধাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় (Heavy rain and hailstorm in Moran) ।

Heavy rain and hailstorm at Dibrugarh
ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ
author img

By

Published : Apr 3, 2023, 2:17 PM IST

ডিব্ৰুগড়ৰ ভিন্ন প্ৰান্তত ধুমুহা-শিলাবৃষ্টিৰ তাণ্ডৱ

মৰাণ, 3 এপ্ৰিল: প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে ডিব্ৰুগড়ৰ ভিন্ন অঞ্চল৷ দেওবাৰে প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই জোকাৰি গ’ল ডিব্ৰুগড় চহৰৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চল (Heavy rain and hailstorm at Dibrugarh)৷ দেওবাৰে বিয়লি অহা ধুমুহা-বতাহত ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত বহু ক্ষয়-ক্ষতি হোৱা দেখা যায় ৷

নিশাৰ ভাগত অহা এজাক ধুমুহাৰ ফলত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতি । জিলাখনৰ দাঁতি কাষৰীয়া ৰহমৰীয়া, লেজাই-কলাখোৱা, জকাই আদি অঞ্চলত ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ ব্যাপক ক্ষতি সাধন হয় ৷ ডিব্ৰুগড় চহৰৰ তুলসী গাঁৱৰ সন্মুখত উভালি পৰে প্ৰকাণ্ড গছ যাৰ ফলত ওৰে নিশা বন্ধ হৈ পৰে অতি ব্যস্ত মানকটা পথ (Heavy rain and hailstorm in Dibrugarh) ৷

ইয়াৰ সমান্তৰাল ভাৱে আবেলিৰে পৰা হোৱা প্ৰৱল শিলাবৃষ্টি আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে ডিব্ৰুগড় জিলাৰ খোৱাং আৰু মৰাণত (Heavy rain and hailstorm at Khowang) ৷ প্ৰৱল শিলাবৃষ্টিয়ে খোৱাঙৰ প্ৰায় কুৰিখনৰো অধিক গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে । প্ৰায় আধাঘণ্টা ধৰি দিয়া শিলাবৃষ্টিয়ে খোৱাঙৰ বাঁ‌হনি পথাৰ, বাঘতলী পথাৰ, বোকাহোলা, হালধিবাৰীকে ধৰি প্ৰায় কুৰিখনৰো অধিক গাঁৱত বহু লোকৰ টিনপাত নষ্ট হৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ৰাইজৰ । বহু পৰিয়ালৰ ধানৰ ভঁ‌ৰাল ক্ষতিসাধন হোৱাত ধান সমূহ তিতি নষ্ট হোৱাৰ আশংকাই দেখা দিছে (Hailstorm in Dibrugarh)।

আনহাতে বাসগৃহসমূহ অনিষ্ট হোৱাত বহু পৰিয়ালৰ আশ্ৰয় স্থানো নোহোৱা হৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ শিলাবৃষ্টিৰ সমান্তৰালকৈ মুষলধাৰ বৰষুণৰ ফলত ঘৰৰ ভিতৰত একাঁ‌ঠু পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হয় ৷ শিলাবৃষ্টিয়ে বাৰীৰ পাণ, শাক-পাচলিকে ধৰি বহু শস্যৰ অনিষ্ট কৰে (Storm caused heavy damage to crops at Dibrugarh)।

আনহাতে মৰাণত বিধ্বংসী ধুমুহা আৰু শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতিসাধন কৰে ৷ মৰাণ-নাহৰকটীয়া পথৰ অভাৰ ব্ৰীজৰ কাষত ধুমুহাত গছ বাগৰি পথ বন্ধ হৈ পৰে ৷ ফলত ব্যাপক যান-জঁ‌টৰ সৃষ্টি হয় ৷ ধুমুহাৰ ফলত বামুনবাৰী, ৰাইদাং, ডোমৰ দলঙত বহু পৰিয়ালৰ ব্যাপক ক্ষতিসাধন হোৱাৰ খবৰ পোৱা গৈছে । নিশাটো মুষলধাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় (Storm devastated several areas at Dibrugarh) ।

লগতে পঢ়ক: Hailstorm in Dibrugarh : ডিব্ৰুগড়ৰ খোৱাঙত শিলাবৃষ্টি; 25 খনৰো অধিক গাঁৱত বিস্তৰ ক্ষতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.