মৰাণ, ১১ মে’: বিজেপি চৰকাৰৰ দুবছৰ সম্পূৰ্ণ হোৱাক লৈ শাসকীয় দলটোৱে ৰঙীন বিজ্ঞাপনেৰে সফলতাৰ জয়গান গোৱাৰ সময়তে টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত হালমাৰী চাহ বাগিচাত এটা পৰিয়াল নীৰৱে উচুপিছে (Heavy storm in Dibrugarh)। কাৰণ যোৱা ৬ মে'ত অহা প্ৰচণ্ড ধুমুহাত ঘৰৰ ওপৰত গছ পৰি আহত হোৱা বাগিচাখনৰ বজাৰ লাইনৰ পৰিয়ালটোৰ ওচৰত আজিও কোনো প্ৰশাসনৰ লোক অথবা জনপ্ৰতিনিধি উপস্থিত হোৱা নাই ।
সেইদিনা পুৱাৰ ভাগত অহা প্ৰচণ্ড ধুমুহাত গছ পৰি একেটা পৰিয়ালৰ তিনিজন লোক ক্ৰমে কিছেন উৰাং (৩২) দিবীয়া উৰাং (৩০) আৰু ক্ষীৰোদ উৰাং (১১) আহত হৈছিল । আঘাতপ্ৰাপ্ত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও দৰিদ্ৰ পৰিয়ালটোক এষাৰি মাত দিবলৈও অহা নাই কোনো চৰকাৰী লোক অথবা জনপ্ৰতিনিধি । মন্ত্ৰী বিমল বড়াৰ (Minister Bimal Bora)সমষ্টি টিংখাঙৰ হালমাৰী চাহ বাগিচাৰ এই পৰিয়ালটোৰ দুগৰাকী লোকে কিছু আৰোগ্য লাভ কৰিছে যদিও এগৰাকী এতিয়াও ডিব্ৰুগড়ৰ এ এম চিত চিকিৎসাধীন হৈ আছে (Heavy Storm and hailstorm at Halmari)।
আহত লোককেইজনক চিকিৎসাৰ বাবে বাগিচাৰ পৰিচালকে কিছু আৰ্থিক সাহাৰ্য দিছিল যদিও বৰ্তমান আৰ্থিক সংকটত ভুগিছে পৰিয়ালটোৱে (Allegation against Public representative) । যাৰবাবে আছা আৰু আটছাৰ নেতৃত্বৰ লগতে স্থানীয় ৰাইজে ক্ষোভ উজাৰিছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে । কেৱল নিৰ্বাচনৰ সময়ত চাহ শ্ৰমিকসকলৰ কাষলৈ আহি চলাহী কথা কোৱা নেতাসকলৰ শ্ৰমিকসকলক বিপদৰ সময়ত কিছু সহায় কৰিবলৈ সদিচ্ছা নাথাকে বুলি তেওঁলোকে অভিযোগ কৰে (AASA demand relief for storm affected family)।
প্ৰাকৃতিক দুৰ্যোগত আহত হোৱা লোকক এককালীন সাহাৰ্য দিয়াৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগৰ ব্যৱস্থা আছে যদিও এই পৰিয়ালটোৰ ক্ষেত্ৰত চৰকাৰে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি ক্ষোভেৰে কয় আছা আৰু আটছাৰ নেতৃত্বই (AATSA demand assistance for storm affected family )।