মৰাণ,9 জানুৱাৰীঃ ৰাইজৰ দলৰ অভিৱৰ্তনত ৰাইজৰ উপস্থিতি সেৰেঙা বুলি কিছুলোকে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱাৰ পাছতে অভিৱৰ্তনৰ তৃতীয় দিনা কঠোৰ ভাষাৰে তাৰ প্ৰত্যুত্তৰ দিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । শৃংখল চলিহাই কয়, এই অভিৱৰ্তন নিৰ্বাচনৰ টোপ দি মানুহ অনা বিজেপি সভাৰ দৰে সভা নহয় । ইয়ালৈ নিজৰ গাঁঠিৰ ধন ভাঙি হাজাৰ হাজাৰ ৰাইজ স্বতঃস্ফুতভাৱে আহিছে । ৰাইজৰ দলৰ অভিৱৰ্তনত জনবিস্ফোৰণ ঘটিছে । কেৱল বিজেপি আইটিচেলে ৰাইজৰ দলৰ সভাত মানুহ দেখা নাই আৰু নেদেখাটো স্বাভাৱিক । এজন অখিল গগৈক জেলত ৰাখিলেও হাজাৰ হাজাৰ অখিল গগৈ আহি ইয়াত সমবেত হৈছে ।
লগতে নেতাজনে কয়, বিহুৰ পিছতে অসমৰ ৰাইজে ঐক্যবদ্ধ আঞ্চলিক শক্তি দেখিব । উল্লেখ্য যে, মৰাণত অনুষ্ঠিত ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তনতে গঠন হ'ল ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতি ৷ কাৰাগাৰৰ পৰাই দলটোক নেতৃত্ব দিব অখিল গগৈয়ে । ৰাজ্যৰ সকলো জিলা প্ৰতিনিধিৰ সৰ্বসন্মতি ক্ৰমে অখিল গগৈক দলটোৰ সভাপতিৰ দায়িত্ব দিয়া হয় ।
লগতে পঢ়কঃ কোকৰাঝাৰত বিটিআৰ সাংবাদিক সন্থাৰ সৈতে প্ৰমোদ বড়োৰ মত বিনিময়