মৰাণ,১০ জুন: মনত অদম্য় হেঁপাহ থাকিলে যি কোনো অসম্ভৱ কামকে সম্ভৱ কৰিব পাৰে । প্ৰৱল ইচ্ছা থাকিলে কঠিন বাধা নেওঁচি হেলাৰঙে আগবাঢ়িব পাৰে । চাবুৱাৰ এজন বিশেষভাৱে সক্ষম ছাত্ৰই এই কথাকে প্ৰমান কৰিলে । মাধুৰ্য দত্ত নামৰ বিশেষভাৱে সক্ষম ছাত্ৰজনে সদ্য় ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত (Specially enabled Madhurjya secured first division) উত্তীৰ্ণ হয় । হুইল চেয়াৰত বহিয়েই অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰজনে ৬৩ শতাংশ লাভ কৰে ।
চাবুৱা নগৰৰ ৮ নম্বৰ ৱাৰ্ডৰ নিবাসী মুকুট দত্ত আৰু মমী দত্তৰ জ্যেষ্ঠ পুত্ৰ মাধুৰ্যই টিউচনৰ অবিহনেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । সমন্ধীয় ভ্ৰাতৃ তথা সহপাঠীৰ সহযোগত মাধুৰ্যই অধ্য়য়ণ কৰিছিল । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰজনৰ এই সাফল্য়ই চাবুৱা অঞ্চলৰ ৰাইজক উৎফুল্লিত কৰিছে । আৰ্থিক অনাতনৰ মাজত চলা ছাত্ৰজনৰ ঘৰত বিভিন্নজন উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰাৰ লগতে বহুজনে প্ৰদান কৰিছে আৰ্থিক সাহায্য় ।
ইপিনে, শুকুৰবাৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি অজয় গগৈয়ে সংগঠনটোৰ নেতা কৰ্মীসকলৰ লগত উপস্থিত হৈ ছাত্ৰজনক গামোচা, জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে ৫০ হেজাৰ টকাৰে সহায় আগবঢ়ায় ।
আনহাতে, অজয় গগৈয়ে অঞ্চলটোত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ অতি দৰিদ্ৰ পৰিয়াল আৰু ১০ জন ছাত্ৰক লাহোৱাল মহাবিদ্যালয়ত নামভৰ্তি কৰোৱাৰ লগতে সম্পূৰ্ণ ব্য়য় বহন কৰাৰ কথা ঘোষণা কৰে ।
লগতে পঢ়ক:দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাৰপিটক লৈ উত্তপ্ত নগাঁৱৰ পানীগাঁও