ETV Bharat / state

ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতি হেৰুওৱাৰ উপক্ৰম হোৱা দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ কলৰব - MIGRATORY BIRDS AT DEEPAR BEEL

দুবছৰ পূৰ্বে দীপৰ বিলত ২৮০০০ দেশী-বিদেশী পক্ষীৰ আগমণ হৈছিল । যোৱা বছৰ মাত্ৰ ১১০০০ পক্ষীৰ আগমণ হয় ।

Migratory Birds At Deepar Beel
দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ আগমণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 7:40 AM IST

গুৱাহাটী: শীতৰ আগমণৰ লগে লগে দেশী-বিদেশী পক্ষীৰ কোলাহলত পুৱাৰ ৰ’দে ভূমুকি মাৰিছে দীপৰ বিলত ৷ শীতৰ আগমনৰ লগে লগেই মহানগৰীৰ গাতে লাগি থকা দীপৰ বিলত জাকে জাকে আগমন ঘটিছে দেশী বিদেশী আলহী পক্ষীৰ ৷ শীত আহিলেই নানা পৰিভ্ৰমী চৰাইয়ে ভিৰ কৰেহি এই বিলখনত ৷

যোৱা‌ বছৰ দীপৰ বিলত পৰিভ্ৰমী চৰাই হ্ৰাস পোৱাৰ পিচত এইবাৰ অক্টোবৰৰ পৰা পৰিভ্ৰমী চৰাইৰ আগমণ হোৱাত বিলখনলৈ পুনৰ আশাৰ সঞ্চাৰ কঢ়িয়ায় আনিছে । পক্ষীৰ ৰম্যভূমি হিচাপে বিশ্ববিখ্যাত দীপৰ বিলত যোৱা বছৰ উদ্বেগকজনকভাৱে দেশী- দেশী পক্ষীৰ আগমণ হ্ৰাস পাইছিল । তাৰ পিচতেই বহুতৰে মনত উদ্বেগ সৃষ্টি হৈছিল যে দীপৰ বিলে ‘ৰামছাৰ ক্ষেত্ৰ’ৰূপে স্বীকৃতিৰ পৰা‌ বাদ পৰিব ৷

দীপৰ বিলত পৰিভ্ৰমী চৰাইৰ আগমণ (ETV Bharat Assam)

কিন্তু শেহতীয়াকৈ অক্টোবৰৰ পৰা দীপৰ বিললৈ পৰিভ্ৰমী চৰাইৰ আগমনে এক আশাৰ সঞ্চাৰ কঢ়িয়ায় আনিছে । এই সন্দৰ্ভত দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কয়, "এইবাৰ অক্টোবৰৰ পৰা দীপৰ বিলত আলহী চৰাইৰ আগমণ হৈছে । স্মল প্ৰেন্টিক'ল নামৰ পৰিভ্ৰমী চৰাই ৫০০ শতাধিকৰ আগমণ হৈছে । লগতে কমণ চেণ্ডপাইপাৰ, ৱাগটেইল, পেডীফিল্ড পিপট, ৰেচাৰ্ড পিপট, ব্লেক কাইট, লিটল ৰিং প্লাভাৰ, ৰ'জী পিপট, বাৰ্ণ চেলো, উডেন চেণ্ডপাইপাৰ, টেম্মিংক ষ্টিণ্ট, গ্ৰে হেডেড লেপৱিং নৰ্দাৰ্ণ লেপৱিং, পেইড এভচিওয়েট আদি পৰিভ্ৰমী চৰাইৰ আগমণ দেখা গৈছে । গতিকে এইবাৰ দীপৰ বিলত যোৱা বছৰৰ তুলনাত পক্ষীৰ আগমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । কিন্তু এতিয়ালৈকে এই বছৰৰ পক্ষী গণনা হোৱা নাই। অহা ডিচেম্বৰৰ মাজ ভাগৰ পৰা‌ জানুৱাৰীলৈ বিলত পক্ষী গননা হ'ব ।"

  • দুবছৰ পূৰ্বে ২৮০০০ দেশী-বিদেশী পক্ষীৰ আগমণ হৈছিল

দীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদকৰাকীয়ে লগতে কয়, "দুবছৰ পূৰ্বে দীপৰ বিলত প্ৰায় ২৮০০০ দেশী-বিদেশী পক্ষীৰ আগমণ হৈছিল । যোৱা বছৰ মাত্ৰ ১১০০০ দেশী-বিদেশী পক্ষীৰ আগমণ হৈছিল । চৰকাৰে বিলৰ পাৰত যোৱা‌ বছৰ নৱেম্বৰত ৰাইজিং ফেষ্টিভেল আয়োজন‌ কৰাৰ বাবে বিলত পক্ষীৰ আগমণ উদ্বেগজনকভাৱে হ্ৰাস পাইছিল । এইবাৰ এই উৎসৱ পতা হোৱা‌ নাই ।"

তেওঁ পুনৰ কয়, "যোৱা বছৰৰ যি হাৰত দীপৰ বিলত পক্ষীৰ আগমণ উদ্বেগজনকভাৱে হ্ৰাস পাইছিল,‌তাৰ পৰা দীপৰ বিলে ‘ৰামছাৰ ক্ষেত্ৰ’ৰূপে স্বীকৃতিৰ পৰা‌ বাদ পৰা উপক্ৰম হৈছিল । কাৰণ এখন‌ বিল এই স্বীকৃতি পাবলৈ কমেও বছৰি ২০ হাজাৰ পৰিভ্ৰমী চৰাইৰ আগমণ হোৱাতো জৰুৰী । অস্তিত্বৰ সংকটত পক্ষীৰ ৰম্যভূমি হিচাপে বিশ্ববিখ্যাত দীপৰ বিল । পক্ষী সংৰক্ষিত এলেকাৰূপে খ্যাত গুৱাহাটী মহানগৰীৰ সমীপৰ দীপৰ বিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভৰ দুটা দশক হ'ল । দেশী-বিদেশী পক্ষীৰ বিচৰণভূমি দীপৰ বিলে এই স্বীকৃতি লাভৰ বাবে প্ৰয়োজনীয় নটা বৈশিষ্ট্যৰ ভিতৰত পাঁচটাত উত্তীৰ্ণ হৈ ২০০২ত ‘ৰামছাৰ ক্ষেত্ৰ’ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল ।"

  • আজিলৈকে নিৰ্ধাৰণ নহ'ল বিলখনৰ সীমা

উল্লেখ্য যে সম্প্ৰতি ভাৰতত ৪৭ খন ৰামছাৰ ক্ষেত্ৰ আছে আৰু ইয়াৰে ভিতৰত দীপৰ বিলে অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰৰূপে ২০০২-ত স্বীকৃতি লাভ কৰে । দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰাৰ ২০ টা বৰ্ষ অতিক্ৰম কৰিলে যদিও আজিলৈকে বিলখনৰ সীমা নিৰ্ধাৰণ নহ'ল । বৰঞ্চ ব্যাপক জল,শব্দ আৰু বায়ু প্ৰদূষণৰ কৰাল গ্ৰাসত পৰা দীপৰ বিলে ৰামছাৰ ক্ষেত্ৰৰ স্বীকৃতিৰ হেৰুওৱাৰ উপক্ৰম হৈছে ।

লগতে পঢ়ক:পৰিভ্ৰমী পক্ষীৰ বধ্য ভূমিত পৰিণত ৰাংছালী দলনী পথাৰ

প্লাষ্টিকমুক্ত জাতিংগা মহোৎসৱৰ প্ৰস্তুতি

দীপৰ বিলত ভয়াবহ প্ৰদূষণ: পামহী নলাৰ লগতে ডাম্পিং গ্ৰাউণ্ডেই মূল কাৰণৰ অভিযোগ - Deepor Beel Suraksha Manch

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.