তেজপুৰ : প্ৰতিবছৰৰ দৰে এইবাৰো 11 নৱেম্বৰ অৰ্থাৎ সোমবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগে ‘‘ৰাষ্ট্ৰীয় শিক্ষা দিৱস’’ পালন কৰে ৷ শিক্ষাৰ ক্ষেত্ৰত দূৰদৰ্শী আৰু স্বাধীনতা সংগ্ৰামী আজাদে বিশ্বাস কৰিছিল যে ব্যক্তিৰ বৃদ্ধি আৰু জাতিটোৰ বিকাশৰ মূল চাবিকাঠি হৈছে শিক্ষা ৷ সেয়ে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্ম জয়ন্তীত এই বিশেষ দিনটো পালন কৰা হয় ৷
সোমবাৰে তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজিত এই অনুষ্ঠানত ধাৰাবাহিকভাৱে অন্তৰ্দৃষ্টিসম্পন্ন আলোচনা, চিন্তা-উদ্দীপক উপস্থাপন, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত “ডিজিটেল যুগত এখন বিশ্ববিদ্যালয়ৰ আইডিয়া” বিষয়ক বক্তৃতা প্ৰদান কৰে ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক হিচাপে কৰ্মৰত অধ্যাপক চি বি শৰ্মাই ।
ভাষণ প্ৰদান কৰি অধ্যাপক শৰ্মাই কয় যে বিশ্ববিদ্যালয়সমূহ জ্ঞানৰ ৰক্ষক, নতুন ধাৰণা সৃষ্টিকৰ্তা আৰু সত্যৰ প্ৰচাৰক । “বৃহত্তৰ ইতিহাসত এই প্ৰতিষ্ঠানসমূহক ক্ষমতাত থকাসকলে প্ৰায়ে সন্দেহৰ দৃষ্টিৰে চাই আহিছে ৷ কিয়নো ইয়াৰ প্ৰতিষ্ঠিত ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰাৰ ক্ষমতা আছে ৷” অধ্যাপক শৰ্মাই তেওঁৰ ভাষণত কয় ।

“মহান প্ৰতিষ্ঠানবোৰ কেৱল ইটা আৰু মৰ্টনৰ গঠন নহয়; সেইবোৰ উজ্জ্বল মনৰ উৎপাদন । এই প্ৰতিষ্ঠানসমূহৰ মূলতে আছে ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত আৰু লালন-পালন কৰা ব্যতিক্ৰমী শিক্ষকসকল ৷” অধ্যাপক শৰ্মাই কয় ।
বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক আৰ আৰ হকে তেওঁৰ ভাষণত কয় যে শিক্ষা হৈছে প্ৰগতিৰ মূল শিলাস্তম্ভ । তেওঁ লেখা-চোৰৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰে, যিয়ে শৈক্ষিক সততাত বাধাৰ সৃষ্টি কৰিছে । অধ্যাপক হকে সৃষ্টিশীলতা নিশ্চিত কৰাৰ বাবে নমনীয় পাঠ্যক্ৰমৰ পোষকতা কৰিছিল ।
মানৱীয় আৰু সমাজ বিজ্ঞানৰ ডীন অধ্যাপিকা ফাৰ্হিনা ডান্টাই সকলোকে সোঁৱৰাই দিয়ে যে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত চুটি কাট কৌশলৰ বাহিৰলৈ গৈ আজীৱন শিক্ষণৰ মানসিকতা আঁকোৱালি লোৱাটো অতি গুৰুত্বপূৰ্ণ । তেজপুৰ বিশ্ববিদ্যালয়ৰৰ পঞ্জীয়ক অধ্যাপক কৈলাশ চন্দ্ৰ বিশ্বলে শিক্ষাবিদসকলক ভৱিষ্যত প্ৰজন্মৰ মন গঢ় দিবলৈ আৰু সমাজৰ উন্নতি সাধন কৰিবলৈ শক্তিশালী কৰাৰ পোষকতা কৰে ।
শিক্ষা বিভাগৰ মুৰব্বী ড৹ সাশাপ্ৰা চক্ৰৱৰ্তী আৰু অনুষ্ঠানৰ সমন্বয়ক শিক্ষা বিভাগৰ ড৹ মহম্মদ আছিফ আৰু ড৹ অন্তৰা দেয়ে ৰাষ্ট্ৰীয় শিক্ষা দিৱস অনুষ্ঠানটো সফলভাৱে পালন কৰাৰ বাবে সকলো অংশগ্ৰহণকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰে ।