ETV Bharat / state

অৰুণাচল প্ৰদেশত বন্যপ্ৰাণী চিকাৰ নিষিদ্ধৰ প্ৰচেষ্টা নিছি এলিট ছ’চাইটিৰ

অতীজৰে পৰাই পাহাৰীয়া ৰাজ্যসমূহত চলি আহিছে বন্যপ্ৰাণী চিকাৰ । এতিয়াৰ পৰা এই চিকাৰীসকলে বধ নকৰে বন্য়প্ৰাণী । কাৰণ জানি লওক -

Nyishi Elite Society awareness
বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 9:00 AM IST

তেজপুৰ : উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহত বন্যপ্ৰাণী চিকাৰ কৰা এক পৌৰাণিক প্ৰথা প্ৰচলিত আছিল । সাম্প্ৰতিক সময়তো এই প্ৰথা অব্যাহত আছে আধুনিক অস্ত্ৰ শস্ত্ৰৰে । কিন্তু এই ব্যৱস্থাও সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এক বিশেষ অভিযান আৰম্ভ কৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এটা সংগঠনে । এই অভিযানৰ মূল উদ্দেশ্য হৈছে বন্যপ্ৰাণী সুৰক্ষা আৰু সংৰক্ষণ কৰা ।

অৰুণাচল প্ৰদেশত বন্যপ্ৰাণী চিকাৰ ৰোধ কৰিবলৈ বিশেষ সজাগতা বৃদ্ধি কৰিছে স্থানীয় সংগঠন নিছি এলাইট ছ'চাইটি চমুকৈ এনইএছে । শেহতীয়াকৈ ৰাজ্যখনৰ কেইবাখনো জিলাৰ পৰা এই সংস্থাটোৱে বন বিভাগৰ সহযোগিতাত প্ৰায় ১৫০ টা চৰাই নিধন কৰা এয়াৰ গান আৰু বিস্ফোৰণ সামগ্ৰী স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে জমা লৈছে ।

এই সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্ৰী ৱাংকি লোৱাঙেও বিশেষ আগভাগ লৈছে । পূৰ্বতে ৰাজ্যখনৰ পৰিৱেশ মন্ত্ৰী আৰু বৰ্তমানৰ গৃহমন্ত্ৰী মামা নাটুঙৰ নেতৃত্বত প্ৰথমে এই অভিযানৰ আৰম্ভ হৈছিল । প্ৰায় ২০০ এনে ধৰণৰ বন্দুক স্থানীয় লোকে চৰকাৰক জমা দিছিল । এনে পদক্ষেপে আনকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

নিছি এলিট ছ’চাইটি ৰ সাধাৰণ সম্পাদক হেৰী মাৰিঙে এই সন্দৰ্ভত ইটিভি ভাৰতক কয়, "অৰুণাচল প্ৰদেশৰ কেইবাখনো জিলাত এই প্ৰক্ৰিয়া এতিয়াও চলি আছে । কিয়নো ই প্ৰকৃতি আৰু বিশেষকৈ বন্যপ্ৰাণীৰ বাবে এক বৃহৎ ভাবুকি ।"

হিমালয়ৰ পাদদেশৰ ৰাজ্যখনত আগতে বন্যপ্ৰাণী চিকাৰ বৃত্তি আছিল যদিও এতিয়া এই সজাগতা কাৰ্যসূচীৰ জৰিয়তে মানুহে প্ৰকৃতিৰ লগতে বন্যপ্ৰাণীৰ মূল্য বুজি পাবলৈ ধৰিছে ৷ তেওঁ লগতে কয়, "চিকাৰৰ সময়ত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা মানুহ নিৰুদ্দেশ হোৱাৰ লগতে চীনা সেনাই ধৰি লৈ যোৱাৰ উদাহৰণ আছে ৷ এতিয়া আমি 'বন্যপ্ৰাণী আৰু চৰাইৰ মাংসৰ প্ৰতি নহয়' এই বিশেষ মূল মন্ত্ৰৰে ১০ খন জিলাত সজাগতা চলাই আছো ।"

তেওঁ পুনৰ কয় যে যেতিয়ালৈকে এই অভিযান সম্পূৰ্ণ কৰি বন্যপ্ৰাণী সুৰক্ষিত নহয় তেতিয়ালৈকে এনইএছ'ৰ অভিযান অব্যাহত থাকিব । তেওঁ চৰকাৰক ৰাজ্যখনত মুক্তভাৱে প্ৰচলিত এয়াৰ গান, আৰু কাৰ্টিজ থকা বন্দুক বিক্ৰী আৰু গাঁত ওলোমাই ৰখা ব্যৱস্থাও বন্ধ কৰিবলৈ আহ্বান জনায় ।

উল্লেখ্য় যে, ১৯৮৭ চনত গঠিত নিছি এলাইট ছ'চাইটি চমুকৈ এনইএছে যোৱা ছেপ্টেম্বৰৰ পৰা এই কাৰ্যসূচী পুনৰ আৰম্ভ কৰে । এক পত্ৰৰ জৰিয়তে নিছি জনগোষ্ঠীৰ জিলা সমূহৰ জিলা সমিতিলৈ এইক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাই উল্লেখ কৰিছিল যে ৰাজ্যখনৰ নিছি প্ৰধান অঞ্চলত বৃহৎ সংখ্যক বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে ।

ফলস্বৰূপে জধে-মধে বন্যপ্ৰাণী চিকাৰ কৰি প্ৰাকৃতিক সম্পদৰ বিনষ্ট কৰা হৈছে । হেৰী মাৰিঙে পুনৰ কয় যে নৱেম্বৰত কাৰা দাদী অঞ্চলত প্ৰায় ১৫ টা আৰু দুদিন পূৰ্বে কেই পানীৰ জিলাত পুৰোম পুতে ৰাজহ চক্ৰত বনমন্ত্ৰীৰ উপস্থিতিত এনেধৰণৰ সজাগতা অনুষ্ঠানত বহুতেই বন্দুক সমৰ্পণ কৰে ।

একেখন জিলাতে অহা ১৫ নৱেম্বৰত পুনৰ এনে সজাগতা শিবিৰ অনুষ্ঠিত কৰিব । প্ৰতিখন জিলাৰ সদৰ আৰু পঞ্চায়ত পৰ্যায়ত এই অভিযান অব্যাহত থাকিব । কুৰোঙ কুৰমে জিলাত ইতিমধ্যে সাধাৰণ ৰাইজে বন্যপ্ৰাণীৰ মাংস ভক্ষণ কৰা বন্ধ কৰিছে বুলি মন্তব্য কৰে হেৰী মাৰিঙে । বন্যপ্ৰাণীৰ মাংস বন্ধ কৰাৰ বাবে নিছি এলিট ছ’চাইটিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

এই সংগঠনটোৱে জিলা উপায়ুক্ত আৰু বন প্ৰাধিকাৰীৰ লগত বিষয়টো আলোচনা কৰি স্থানীয় গাঁওবুঢ়াৰ জৰিয়তে সজাগতা সৃষ্টিৰ আৰম্ভ কৰে । অৱশেষত জিলা পৰ্যায়ত বৈঠক অনুষ্ঠিত কৰি বন বিভাগ আৰু সংগঠনটোৱে স্থানীয় লোকৰ মাজত এক বিশেষ পৰিৱৰ্তন আনিবলৈ সক্ষম হয় ।

সংগঠনতোৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে ঘূৰাই লোৱা বন্দুক সমূহ স্থানীয় জিলা উপায়ুক্তৰ অধীনত জমা কৰা হৈছে । এই সজাগতা অভিযান চলোৱা জিলাসমূহ হৈছে পশ্চিম কামেং, পূব কামেং,পাকে কেচাঙ,পাপুম পাৰে,আই চি আৰ, কেই পানীৰ, কৰা দাদী , কুৰোঙ কুৰমে,কমলে আৰু উজনি সোৱণশিৰিৰ অঞ্চল ।

লগতে পঢ়ক : মণিপুৰত গুলীবৰ্ষণ : জিৰিবামত বন্ধ ঘোষণা, জাৰি সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.