মৰাণ, ২ জানুৱাৰী: ৰাজ্যৰ শিক্ষা বিভাগে ৰাজ্যখনৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান আৰু গণিতৰ শিক্ষক সকলৰ বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সমূহৰ গৱেষক আৰু অধ্যাপক সকলৰ জৰিয়তে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে শিক্ষা বিভাগে । ইয়াৰে অংশৰূপে আজিৰে পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে বিজ্ঞান আৰু গণিত শিক্ষক সকলৰ বাবে এসপ্তাহজোৰা এক আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত আজিৰে পৰা অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই । এই অনুষ্ঠানত উপস্থিত থাকি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুই প্ৰশিক্ষণ কাৰ্যসূচীয়ে লাভান্বিত কৰিব বুলি কয় । এই প্ৰশিক্ষণক লৈ শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়," বিগত ২২-২৩ বৰ্ষত ২০০০ শিক্ষক আই আই টি গুৱাহাটী, তেজপুৰ বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল । এইবাৰ ৪০০০ শিক্ষকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে । এইবাৰ এন আই টি শিলচৰত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব । "এই প্ৰশিক্ষণৰ পৰা শিক্ষক -শিক্ষয়িত্ৰী সকল যথেষ্ট লাভাম্বিত হৈছে বুলিও কয় শিক্ষা মন্ত্ৰী গৰাকীয়ে ।
ৰাজ্য চৰকাৰৰ সহযোগত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অসমৰ ৭ খন জিলাৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান আৰু গণিত শিক্ষক সকলৰ বাবে অনুষ্ঠিত কৰিছে এই প্ৰশিক্ষণ কাৰ্যসূচী । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত ৰাজ্যৰ সাতখন জিলাৰ ৮৫৩ গৰাকীকৈ শিক্ষকে অংশগ্ৰহণ কৰিছে । মঙলবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অহা ৭ জানুৱাৰী লৈকে অনুষ্ঠিত হোৱা প্ৰশিক্ষণত ধেমাজি, মাজুলী,ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ শিক্ষক শিক্ষয়িত্ৰী সকলে অংশগ্ৰহণ কৰিছে ।
লগতে পঢ়ক:১০ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডা