মৰাণ, 8 ডিচেম্বৰ: হাতত বন্ধুক লৈ কোনো সীমান্তত আই মাতৃক সেৱা কৰা সৈনিকৰ ছবি হয়তো সকলোৰে পৰিচিত ৷ কিন্তু এইবাৰ হাতত বন্দুক নহয় নিজৰ ৰক্ত দান কৰি আই মাতৃক সেৱা কৰিলে এদল ভাৰতীয় সৈন্যই ৷
সোমবাৰে ডিব্ৰুগড়ত পৰিলক্ষিত হ'ল এই ব্যতিক্ৰমী দৃশ্য ৷ অসম চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড় লায়ন্স ক্লাৱৰ উদ্যোগত অনুষ্ঠিত এটা ৰক্তদান শিবিৰত পল্টন বজাৰৰ সেনা ছাউনীত একাংশ সৈনিকে দান কৰিলে ৰক্ত ৷ এই কাৰ্যৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক ৰক্ত বেংকত ৰোগীৰ বাবে ৰক্ত মজুত থাকিব বুলি আশা প্ৰকাশ কৰিছে সেনাসকলে ৷
লগতে পঢ়ক: মৰিগাঁৱত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক