ETV Bharat / state

স্মাইল ডিব্ৰুগড়ে হাঁহি বিৰিঙাইছে বহুজনৰ মুখত

লক ডাউনৰ সময়ছোৱাত ডিব্ৰুগড়ৰ স্মাইল ডিব্ৰুগড় নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই প্ৰায় 110 জন দৈনিক হাজিৰা কৰা ব্যক্তিক যোগান ধৰে পোন্ধৰ দিনৰ খাদ্য ৷ সংস্থাটোৰ সকলো সদস্যই একত্ৰিত হৈ সংগ্ৰহ কৰে সৰ্বমুঠ ৪০০০০ টকা আৰু এই টকাৰে ডিব্ৰুগড়ৰ বিগ বজাৰৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰি বিতৰণ কৰে দৈনিক শ্ৰমদানেৰে পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ শ্ৰমিক সকলৰ মাজত ৷

author img

By

Published : Apr 3, 2020, 1:06 PM IST

smile dibrugarh foundation help needy people
স্মাইল ডিব্ৰুগড়ে হাঁহি বিৰিঙাইছে এতিয়া বহুজনৰ মুখত

ডিব্ৰুগড়,3 এপ্ৰিলঃ সম্প্ৰতি সমগ্ৰ বিশ্বতে চলি থকা কৰ'ণাৰ সন্ত্ৰাস প্ৰতিহত কৰাৰ বাবে দেশজুৰি লকডাউন অব্যাহত আছে । ইয়াৰ মাজতে এতিয়া অসহায় হৈ পৰিছে বহুজন । জীৱিকাৰ তাড়নাত দৈনিক বন কৰি, জীৱন নিৰ্বাহ কৰা বহু লোকৰ জীৱনত এতিয়া কাল অমানিশা । বাহিৰলৈ ওলাই যাব নোৱাৰাৰ বাবে পোনপটীয়া প্ৰভাৱ পৰিছে তেওঁলোকৰ আৰ্থিক অৱস্থাত ।

smile dibrugarh foundation help needy people
স্মাইল ডিব্ৰুগড় নামৰ সংস্থাটোৰ দৰিদ্ৰ জনতাক খাদ্য যোগান

খাদ্য যোগান

স্মাইল ডিব্ৰুগড়ৰ খাদ্য যোগান

লক ডাউনৰ সময়ছোৱাত দৰিদ্ৰ জনৰ মুখত হাঁহি বিৰিঙাইছে ডিব্ৰুগড়ৰ স্মাইল ডিব্ৰুগড় নামৰ এটা সংস্থায়ে ৷ ডিব্ৰুগড়ৰ স্মাইল ডিব্ৰুগড় নামৰ সংস্থাটোৱে প্ৰায় 110 জন দৈনিক শ্ৰম কৰা ব্যক্তিক যোগান ধৰে পোন্ধৰ দিনৰ খাদ্য ৷ সংস্থাটোৰ সকলো সদস্যই একত্ৰিত হৈ সংগ্ৰহ কৰে সৰ্বমুঠ ৪০,০০০ টকা আৰু এই টকাৰে ডিব্ৰুগড়ৰ বিগ বজাৰৰ পৰা খাদ্য সামগ্ৰী ক্ৰয় কৰি দৈনিক শ্ৰমদানেৰে পৰিয়াল পোহপাল দিয়া দৰিদ্ৰ শ্ৰমিক সকলৰ মাজত বিতৰণ কৰে ৷ তেওঁলোকে জানিবলৈ দিয়া মতে যদি জিলা প্ৰশাসনে অনুমতি প্ৰদান কৰে তেন্তে তেওঁলোক এই কাম কৰাৰ বাবে সদা তৎপৰ হৈ আছে । লগতে তেওঁলোকৰ এই ধৰণৰ কার্য হাতত লোৱাৰ বাবে বিগ বজাৰ কৰ্তৃপক্ষই যথেষ্ট সহায় কৰে বুলিও জানিব পৰা গৈছে । স্মাইল ডিব্ৰুগড়ৰ এই পদক্ষেপত সহযোগিতা আগবঢ়োৱাৰ বাবে বিগ বজাৰকো ধন্যবাদ জ্ঞাপন কৰিলে বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠনটোৱে ।

লগতে পঢ়কঃ ই টি ভি ভাৰতৰ কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতামূলক গীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.