ETV Bharat / state

কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক সাক্ষাৎ জনগোষ্ঠীয় ঐক্য মঞ্চৰ - ETV BHARAT

শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত সকলোৰে ওপৰত আস্থা হেৰুৱাই পেলাইছে জনগোষ্ঠীয় ঐক্য মঞ্চই ।

ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ
author img

By

Published : Mar 13, 2019, 8:35 PM IST

ডিব্ৰুগড়, ১৩ মাৰ্চঃ নতুন দিল্লীত কংগ্ৰেছ দলৰ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই ৷ বুধবাৰে ডিব্ৰুগড়ত সংগঠনটোৰ কেইবাগৰাকীও নেতাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নিজৰ মন্তব্য প্ৰকাশ কৰে ৷

বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতিত ৰাজ্যৰ ছয় জনগোষ্ঠীৰ ভৱিষ্যৎ কতোৱেই সুৰক্ষিত নহয় ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ কৰ্মকৰ্তাৰ ৷ বুধবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত এইদৰে মন্তব্য কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷ জনজাতিকৰণৰ সমগ্ৰ বিষয়টো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰি প্ৰত্যেকটো ৰাজনৈতিক দলেই এইদৰে প্ৰতাৰণা কৰি আহিছে ৰাজ্যৰ ছয়টাকৈ জনগোষ্ঠীক ৷

ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ

দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিচত যিদৰে কংগ্ৰেছ দলটোৰ অধ্যক্ষগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে তাৰ ওপৰতো আস্থা নাই বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ৷ বিজেপিৰ পূৰ্বে বিগত ১৫ বছৰীয়া কাৰ্যকালত কংগ্ৰেছ দলটোৱে সমগ্ৰ বিষয়টো সন্দৰ্ভত কোনো গুৰুত্বই প্ৰদান নকৰিলে ৷ তেনে পৰিস্থিতিত বিজেপি দলেও একেই পদ্ধতি অনুসৰণ কৰি আহিছে বুলি কয় সংগঠনটোৰ নেতৃত্বই ৷ অৱশ্যে ৰাজনৈতিক দলসমূহৰ চৰিত্ৰই এনেকুৱা বুলি উল্লেখ কৰি নিজৰ প্ৰাপ্য নিজেই আদায় কৰিব লাগিব বুলি প্ৰকাশ কৰে ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ নেতৃত্বই ৷

A_dib_13mrch_801to802janagustiya_mancha_jesim

Byte on mojo

:দিল্লীত ৰাহুল গান্ধীৰ সৈতে  আলোচনাৰ পাছতে ছয় জনগোষ্ঠী ঐক্য মঞ্চই মন্তব্য আমাৰ কাৰো ওপৰত আস্থা নাই কাৰো ওপৰত বিস্বাস নাই।নিৰ্বাচনী ইচ্চ্যু হিচাপেহে ব্যৱহাৰ কৰে ৰাইজনৈতি দলে জনজাতিকৰণৰ বিষয়টো।give and take policy হিচাপে ব্যৱহাৰ কৰে এই ইচ্চ্যুটো।

Byte:ডেভিদ চেতিয়া (file 801)
বিষয়ববীয়া ছয় জনগোষ্ঠী ঐক্য মঞ্চ

সেই আলোচনাত ৰাহুল গান্ধীয়ে নতুন নেতৃত্বৰ দোহাই দি
কংগ্ৰেছ চৰকাৰ আহিলে জনজাতিকৰণ দিব বুলি পুনৰ প্ৰতিশ্ৰুতি দিছে যদিও আস্থাত নললে মঞ্চই।বিগত 15বছৰীয়া কংগ্ৰেছী কাৰ্যকালত কংগ্ৰেছে জনগোষ্ঠীৰ এই দীৰ্ঘ দিনীয়া দাবীৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবেই আস্থাত ল'ব পৰা নাই মঞ্চই ৰাহুল এণ্ড কোম্পানীক।অৱশ্যে প্ৰত্যেকৰ পৰা প্ৰাপ্য আদাই কৰিব লাগিব বুলিও কৰিলে মন্তব্য ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই।

Byte: ডেভিদ চেতিয়া, 
বিষয়ববীয়া,ছয় জনগোষ্ঠীয় ঐক্য মঞ্চ(file 802)

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.