ETV Bharat / state

মৰাণত কেবৰ প্ৰতিবাদত অংশ কণ্ঠশিল্পী নীল আকাশৰ

author img

By

Published : Dec 10, 2019, 8:59 AM IST

Updated : Dec 10, 2019, 11:18 AM IST

মৰাণত ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ ৷ কণ্ঠশিল্পী নীল আকাশে অংশগ্ৰহণ কৰে প্ৰতিবাদত ৷

protest against cab at moran
মৰাণত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

মৰাণ, 10 ডিচেম্বৰ : সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত মৰাণত সদৌ অসম চুতীয়া ছাত্ৰ-সন্থাৰ উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদত অংশ লয় কণ্ঠশিল্পী নীল আকাশে‌ ৷ মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ ট্ৰেফিক পইণ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

মৰাণত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

পুৱাই মৰাণত চুতীয়া ছাত্ৰ-সন্থাৰ আহ্বানত বিভিন্ন জাতীয়, জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই মৰাণহাট ৰে'ল ষ্টেচনত এখন উজনিমুৱা আৰু এখন নামনিমুৱা ৰে'ল অৱৰোধ কৰে । ইপিনে বিভিন্ন জনগোষ্ঠীয় সংগঠনসমুহে মৰাণ আৰু মাহমৰাৰ বিধায়ক চক্ৰধৰ গগৈ আৰু যোগেন মহনৰ মৰাণৰ বাসগৃহ ঘেৰাও কৰে ৷ উল্লেখ্য যে, প্ৰতিবাদীসকলে মাহমৰাৰ বিধায়ক যোগেন মহনৰ বাসগৃহ ঘেৰাও কৰাৰ সময়তে আৰক্ষী প্ৰশাসনৰ সহায়ত পলায়ন কৰে বিধায়কজনে ৷ বৰ্তমানেও অব্যাহত আছে প্ৰতিবাদ ৷

আৰু পঢ়ক : CAB ৰ বিৰুদ্ধে প্ৰতিবাদত নামিল তৰুণ গগৈ

Intro:

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ লগতে ছয় জনগোষ্ঠী জনজাতিকৰণৰ দাবীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আজি পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া অসম বন্ধ আহ্বান কৰিছিল ৷ আজিৰ এই বন্ধৰ প্ৰভাৱ মৰাণত সৰ্বাত্মক আছিল । সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, যান-বাহনৰ চলাচল, চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠান বন্ধ আছিল ৷ আজি পুৱা মৰাণত চুতীয়া ছাত্র সন্থাৰ আহ্বানত বিভিন্ন জাতীয়, জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াই মৰাণহাট ৰে'ল ষ্টেচনত এখন উজনিমূৱা আৰু এখন নামনিমূৱা ৰে'ল অৱৰোধ কৰে । আনহাতে বন্ধৰ সময়ছোৱাত বছৰেকীয়া পৰীক্ষাসমূহ নিয়মিতভাৱে সম্পন্ন হয় ৷ অৱশ্যে বিয়লি খোৱাঙতো এখন ৰেল অৱৰোধ কৰে প্ৰতিবাদীসকলে ৷ ইপিনে বিভিন্ন জনগোষ্ঠীয় সংগঠনসমুহে মৰাণ আৰু মাহমৰাৰ বিধায়কদ্বয় চক্ৰধৰ গগৈ আৰু যোগেন মহনৰ মৰাণৰ বাসগৃহ ঘেৰাও কৰে ৷ প্ৰতিবাদীসকলে মাহমৰাৰ বিধায়ক যোগেন মহনৰ বাসগৃহ ঘেৰাও কৰাৰ সময়তে আৰক্ষী প্ৰশাসনৰ সহায়ত পলায়ন কৰে ৷ ইপিনে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই মৰাণ নগৰৰ ট্ৰেফিক পইণ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদত অংশ ললে কন্ঠ শিল্পী নীল আকাশে‌
প্ৰতিবাদ স্থলীতে শিল্পী গৰাকীয়ে কয় -অসমত অসমীয়া ৰাজত্বই হ'ব লাগিব । মাতৃ ভাষা আৰু মাতৃভূমি মোৰ কাৰণে প্ৰধান । অসমীয়া ভাষাক অৱমাননা কৰা সকলৰ প্ৰতি কঠোৰ হ'বলৈ চৰকাৰক আহ্বান জনালে জনপ্ৰিয় শিল্পী গৰাকীয়ে ।

Byte _ নীল আকাশBody: ঐConclusion:ঐ
Last Updated : Dec 10, 2019, 11:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.