ETV Bharat / state

জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি - WORLD'S LARGEST ONLINE PAINTING COMPETITION

জুইৰ শিখাৰে ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চিৰ বহল বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হ'ল সীমান্ত গগৈয়ে ৷

Simanta Gogoi of Moran include India book of records 2020 for unique art
জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি
author img

By

Published : Oct 20, 2020, 10:18 AM IST

Updated : Oct 20, 2020, 12:35 PM IST

মৰাণ,20 অক্টোবৰ : প্ৰতিভা আৰু একাগ্ৰতা থাকিলে মানুহে যিকোনো সময়ত আৰু যিকোনো স্থানতে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় ৷ তাৰেই এক উদাহৰণ দাঙি ধৰিছে মৰাণৰ বেজৰচুক বঙালী গাঁৱৰ যুৱক সীমান্ত গগৈয়ে । মাতৃ দীপা গগৈ আৰু পিতৃ দুলাল গগৈৰ সুযোগ্য সন্তান সীমান্তই নতুন চিন্তাচৰ্চাৰে চিত্ৰজগতলৈ এক নতুনত্ব কঢ়িয়াই অনাৰ চেষ্টা চলাইছে । কৰ'ণাকালৰ লক-ডাউনৰ সময়খিনি সদব্যৱহাৰ কৰি ২০ জুনত ৭ ফুট দীঘল আৰু ৫ ফুট ৯ ইঞ্চিৰ বহল এখন বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি জুইৰ শিখাৰে অংকণ কৰি আসাম বুক অৱ ৰেকৰ্ডছৰ লগতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হয় যুৱকজনে ।

Simanta Gogoi of Moran include India book of records 2020 for unique art
জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি
Simanta Gogoi of Moran include India book of records 2020 for unique art
জুইৰ শিখাৰে অংকণ বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি

ইয়াৰ লগতে 'WORLD'S LARGEST ONLINE PAINTING COMPETITION' ত ড0 ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি অংকণ কৰি বিশ্বৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হয় । সীমান্তই বিভিন্ন মাধ্যমৰ চিত্ৰ অংকন কৰা লগতে মুখা শিল্প,কণীৰ ওপৰত চিত্ৰ,শিলৰ ওপৰত চিত্ৰ অংকণ কৰি ৰাইজৰ পৰা বহু সমাদৰ লাভ কৰিছে ।

ভূপেন হাজৰিকা

বৰ্তমান যুৱকজনে ফটিকাছোৱা অভয়পুৰীয়াস্থিত 'RAINBOW ART ACADEMY'ত চিত্ৰকলাৰ পাঠ্যক্ৰম গ্ৰহণ কৰাৰ লগতে নতুন প্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যৰে নিজ গৃহতে চিত্ৰকলাৰ শিক্ষা প্ৰদান কৰি আছে বহু ছাত্ৰ-ছাত্ৰীক ৷ যুৱকজনৰ এই কাৰ্যত উৎফুল্লিত এতিয়া মৰাণবাসী ৷

অন্য এক খবৰৰ বাবে: বিলাসীপাৰাত আটক মুন্নাভাই!

Last Updated : Oct 20, 2020, 12:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.