ETV Bharat / state

সোণাৰিত চৰাইদেউ জিলা নিখিল বড়ো ছাত্র সন্থাৰ ৰূপালী জয়ন্তী উদযাপন - All Bodo Students Union Silver jubilee

দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী অনুষ্ঠান । অনুষ্ঠানৰ অন্তিম দিনা উপস্থিত থাকিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ (BTC Chief Pramod Boro at Sonari) ৷

silver-jubilee-of-nikhil-bodo-students-union-held-at-charaideo
সোণাৰিত চৰাইদেউ জিলা নিখিল বড়ো ছাত্র সন্থাৰ ৰূপালী জয়ন্তী উদযাপন
author img

By

Published : Jan 17, 2022, 11:06 AM IST

মৰাণ, 17 জানুৱাৰী : সম্পূৰ্ণ ক’ভিড বিধি মানি সোণাৰিৰ বেঙেনাবাৰীত দেওবাৰৰ পৰা আৰম্ভ হ’ল চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী অনুষ্ঠান(Silver jubilee of All Bodo Students Union) । দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ১৯৯৬ চনতে গঠন হোৱা চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সপ্তম দ্বিবাৰ্ষিক অধিৱেশন আৰু ৰূপালী জয়ন্তী অনুষ্ঠান ।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অন্যান্য কাৰ্যসূচীৰ লগতে দেওবাৰে এখন মননশীল আলোচনা চক্ৰ সম্পন্ন কৰা হয় । বৰ্তমান প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ প্ৰত্যাহ্বান আৰু অভিভাৱকৰ ভূমিকা বিষয়ত অনুষ্ঠিত আলোচনা চক্ৰখনত জাজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মনজিৎ গগৈৰ লগতে বহু কেইগৰাকী বক্তাই তত্বগধুৰ ভাষণ প্ৰদান কৰে ।

দেওবাৰে সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক ড৹ সুনীল দত্তই সঞ্চালনা কৰা আলোচনা চক্ৰখন উদ্বোধন কৰে অ’এনজিচি অসম সম্পদৰ ড৹ জয়ন্ত কুমাৰ বসুমতাৰীয়ে ।

উল্লেখ্য যে অনুষ্ঠানৰ অন্তিম দিনা অৰ্থাৎ সোমবাৰে উপস্থিত থাকিব বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ (BTC Chief Pramod Boro at Sonari) লগতে ABSUৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ লগতে বিটিআৰৰ কেইবাগৰাকীও নেতাকৰ্মী । ইয়াৰ পৰিপ্ৰেক্ষিতত ক’ভিড নীতি নিয়ম অনুসৰি অনুষ্ঠানসমূহ অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক : BTC Council anniversary : বিটিআৰ সচিবালয় প্ৰাংগণত উদযাপন বিটিচি পৰিষদৰ বৰ্ষপূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.