মৰাণ,21 এপ্ৰিল : ৰাজ্যৰ চৌদিশে কৰ'ণা মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সমান্তৰালভাৱে চৰাইদেউৰ সাপেখাতীতো ক'ভিডে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ শেহতীয়াভাৱে অসম-নাগালেণ্ড সীমান্তৱৰ্তী টকলিমৰা অঞ্চলৰ একেটা পৰিয়ালৰ পাঁচ জনৰ দেহত ক'ভিড-19 ৰ উপস্থিতি ধৰা পৰাৰ পাচতে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ কাৰণ বিহুৰ পূৰ্বে কেৰালাৰ পৰা অহা পৰিয়ালটোৰ পাঁচজনকৈ লোক আক্ৰান্ত হোৱাৰ পাচতো স্বাস্থ্য বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
ইফালে পৰিয়ালটোৰ লগত একেলগে কেৰালাৰ পৰা অহা আন এটা পৰিয়ালৰ পাঁচজন সদস্য আক্ৰান্ত হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ উক্ত পৰিয়ালৰ এজনো সদস্যই স্বাস্থ্য পৰীক্ষা নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ উল্লেখ্য যে, ক'ভিড-19 ত আক্ৰান্ত হোৱা পৰিয়ালটোৰ সৈতে আনটো পৰিয়ালকো স্বাস্থ্য বিভাগে হোম আইচ'লেচনত থকাৰ পৰামৰ্শ দিছে যদিও আনটো পৰিয়ালক লৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷