মৰাণ,8 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৷ ডিব্ৰুগড়ত প্ৰতিদিনেই ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে । সেই হেতুকে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় প্ৰশাসন ।

ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ হেতুকে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু পৌৰসভাৰ উদ্যোগত চহৰখনৰ নিউ মাৰ্কেট, কেন্দ্ৰীয় কাৰাগাৰৰ লগতে বিভিন্ন স্থানত ছ’ডিয়াম হাইপ’ ক্ল’ৰাইডৰ মিশ্ৰণৰ জৰিয়তে উক্ত স্থানসমূহ শুকুৰবাৰে চেনিটাইজেছনৰ ব্যবস্থা কৰা হয় ।
আনহাতে, গুৱাহাটী মহানগৰীৰ পাছতে এতিয়া ক'ভিডে ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছে সমগ্ৰ ডিব্ৰুগড়ত । এই সময়ত ডিব্ৰুগড় জিলা প্ৰশাসনে গ্ৰহণ কৰিছে কিছু কঠোৰ ব্যবস্থা ৷ ডিব্ৰুগড় প্ৰশাসনে ক’ভিডৰ নীতি-নিৰ্দেশনা মানি চলিছে নে নাই তীক্ষ্ণ দৃষ্টি ৰাখিছে ডিব্ৰুগড়বাসীৰ ওপৰত । আনকি, আইন উলংঘা কৰাসকলৰ ওপৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে ডিব্ৰুগড় আৰক্ষী ৷
লগতে পঢ়ক: দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ক কণ্টেইনমেণ্ট জ’ন ঘোষণা