ডিব্ৰুগড়, 6 জুন : আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলৰ ছাত্ৰী অলংকৃতা গৌতম বৰুৱাই ৷ অলংকৃতাই 600 নম্বৰৰ ভিতৰত সৰ্বমুঠ 594 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
অলংকৃতা হৈছে ডিব্ৰুগড় চহৰৰ চিৰিং চাপৰিৰ মূলা গাভৰু পথৰ নিবাসী কনিষ্ঠ অভিযন্তা গৌতম বৰুৱা আৰু মাতৃ ৰঞ্জনা শইকীয়া বৰুৱাৰ কন্যা ৷ নিজৰ সাফল্যৰ বাবে 5 দিন পূৰ্বে মৃত্যু হোৱা তেওঁৰ ককাকৰ আশীৰ্বাদৰ কথা সোঁৱৰে অলংকৃতাই ৷ শোকাকুল পৰিবেশৰ মাজতো অলংকৃতাৰ এই সাফল্যই ঘৰখনত আনিছে মিশ্ৰিত প্ৰভাৱ । ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ আশা লৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভৰ্তি কৰিব অলংকৃতাই ।