মৰাণ, 17 ডিচেম্বৰ : ডিব্ৰুগড় জিলা প্ৰশাসনে সমাজ কল্যাণ বিভাগৰ সহযোগত বিশেষভাৱে সক্ষম লোকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰি আহিছে ৷ এই উপলক্ষে বুধবাৰে ডিব্ৰুগড় জিলাৰ টিপলিঙ ঘাট হাইস্কুলত ডিব্ৰুগড় বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰমাণীকৰণৰ বাবে এক বিশেষ স্ক্ৰীনিং কেম্পৰ আয়োজন কৰা হয় ৷

উক্ত কেম্পত প্ৰায় ৫১৮ জন লোকে অংশগ্ৰহণ কৰে ৷ কেম্পত দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা আৰু ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত নন্দিতা বৰুৱাই ৪৮ জন বাধাগ্ৰস্ত লোকক যাৱতীয় পৰীক্ষাৰ অন্তত বিশেষভাৱে সক্ষমৰ প্ৰমাণপত্ৰ প্ৰদান কৰে ৷

উল্লেখ্য য়ে, জিলাখনৰ বিভিন্ন ঠাইত এই স্ক্ৰীনিং কেম্প অনুষ্ঠিত কৰা হ'ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:মধ্য অসমৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ