মৰাণ, 29 ডিচেম্বৰ: আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, খোৱাং খণ্ডৰ উদ্যোগত, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত 27 ডিচেম্বৰ তাৰিখে খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক বিজ্ঞানভিত্তিক 2020 প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷
30 খন বিদ্যালয়ৰ 140 জন ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা বিজ্ঞানৰ আৰ্হি প্ৰতিযোগিতাত ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ মনোজ ফুকন আৰু বৈষ্ণৱী বৰুৱাই প্ৰথম স্থান দখল কৰে, হলিচাইল্ড স্কুলৰ প্ৰত্যুষ বুঢ়াগোহাঁইয়ে দ্বিতীয় স্থান দখল কৰাৰ পৰিৱৰ্তে তৃতীয় স্থান লাভ কৰে তিনিঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দুকুমণি মহনে ।

আকস্মিক বক্তৃতা প্ৰতিযোগিতাত বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ঘোৰণ জ্যোতি চেলেঙে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ উক্ত প্ৰতিযোগিতাত চেভেন চিষ্টাৰ ইংলিছ একাডেমীৰ ছাত্ৰী দীপশিখা দে' দ্বিতীয় স্থান লাভ কৰে আৰু খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী লিনা ঘৰফলীয়াই তৃতীয় স্থান লাভ কৰে ।
পষ্টাৰ অংকন প্ৰতিযোগিতাত প্ৰথম স্থান খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পূজা ফুকনে লাভ কৰাৰ পৰিৱৰ্তে ক্ৰমে জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ নিৰ্ণয় বৰুৱাই দ্বিতীয় স্থান আৰু সোনোৱাল চেৰিটেবল ট্ৰাষ্ট বালিকা বিদ্যালয়ৰ ছাত্ৰী অনুৰাধা দেৱে তৃতীয় স্থান লাভ কৰে ৷ ধাৰণা প্ৰতিযোগিতাত কোটোহা বিনাপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাৰ্থ প্ৰতিম হাজৰিকাই প্ৰথম স্থান, খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অঞ্জন সোনোৱালে দ্বিতীয় স্থান আৰু পথালিবাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ চয়নিকা গগৈয়ে তৃতীয় স্থান লাভ কৰে ৷
উল্লেখ্য যে মহান বিজ্ঞানী তথা গণিতজ্ঞ আৰ্যভট্টৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পাছত খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কৃষ্ণ কোঁৱৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে । ডিব্ৰুগড় জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক প্ৰদীপ কুমাৰ ভৰালীয়ে বিজ্ঞানৰ আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতাৰ দ্বাৰ উন্মোচন কৰাৰ পাছত প্ৰতিযোগিতাৰ অন্তত ঘনকান্ত কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিপুল বৰুৱাৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক সঞ্জয় বৰগোহাঁইয়ে আঁত ধৰা অনুষ্ঠানটিত টিংখাং আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক আশ্ৰফ আলি, ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহনলাল উপাধ্যায়, বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক গকুল খাউণ্ড, তিনঠেঙীয়া কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জুমণি দত্ত আৰু জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক তত্বাৱধায়ক মুনীন্দ্ৰ কলিতাই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷
লগতে পঢ়ক:ডিব্ৰুগড় আবকাৰী বিভাগৰ জালত ১৪০ লিটাৰ চুলাই মদ