ETV Bharat / state

মহাপুৰুষজনাৰ অমৰ সৃষ্টিক বিশ্বৰ দৰবাৰত দাঙি ধৰাৰ প্ৰয়াস প্ৰগতি নাট্যগোষ্ঠীৰ

author img

By

Published : Aug 5, 2020, 10:48 PM IST

শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা আৰু অসমৰ হৃদপিণ্ডস্বৰূপ সত্ৰীয়া সংস্কৃতিক বিশ্ববাসীৰ ওচৰত দাঙি ধৰিবলৈ প্ৰয়াস চাচনীৰ শিলকচুবাম অঞ্চলৰ প্ৰগতি নাট্যগোষ্ঠীৰ ৷ শিশু সকলৰ মাজত ভাওনা, সত্ৰীয়া সংস্কৃতিৰ প্ৰশিক্ষণ তথা কৰ্মশালাৰ আয়োজন কৰি আহিছে ৷ অসমৰ জাতীয় জীৱনত প্ৰভাৱ পেলোৱা আৰু বিশ্ব দৰবাৰত অসমৰ মান ৰাখি জিলিকি থকা সত্ৰীয়া সংস্কৃতি ভাওনাক শিশুসকলৰ যোগেদি আগবঢ়োৱাৰ ক্ষেত্ৰত ৰিতুল শইকীয়াই কৰা এই প্ৰচেষ্টাক অঞ্চলটোৰ সংস্কৃতিপ্ৰেমী লোকসকলে শলাগ লৈছে ৷

Sasoni ritul saikia trained student
মহাপুৰুষজনাৰ অমৰ সৃষ্টিক বিশ্বৰ দৰবাৰত দাঙি ধৰিবলৈ প্ৰগতি নাট্যগোষ্ঠীৰ প্ৰয়াস

নাহৰকটীয়া, 4 আগষ্ট : শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা আৰু অসমৰ হৃদপিণ্ডস্বৰূপ সত্ৰীয়া সংস্কৃতিক শিশুসকলৰ দ্বাৰা সমাজৰ মাজলৈ আনিবলৈ নিৰলস প্ৰচেষ্টাত ব্ৰতী চাচনীৰ শিলকচুবাম অঞ্চলৰ প্ৰগতি নাট্যগোষ্ঠী । অসম আৰক্ষীত কৰ্মৰত সংস্কৃতিবান ব্যক্তি ৰিতুল শইকীয়াই ঐকান্তিক প্ৰচেষ্টাৰে কৰ্মজীৱনৰ ব্যৱস্থাৰ মাজতে আজৰি সময়ত নিজ বাসগৃহতে যোৱা ডেৰ বছৰ ধৰি চলাই আহিছে কণ-কণ শিশু সকলৰ মাজত সত্ৰীয়া সংস্কৃতিৰ বাহক ভাওনাৰ আখৰা তথা প্ৰশিক্ষণ । উজনি অসমৰ লখিমপুৰ, ধেমাজী, মাজুলী, গোলাঘাট, তিনিচুকীয়া, নাহৰকটীয়া আদি বিভিন্ন ঠাইৰ মঞ্চত ভাওনা প্ৰদৰ্শন কৰি পুৰস্কাৰ তথা ৰাইজৰ মৰম পাবলৈ সক্ষম হোৱা প্ৰায় 50 জন শিশুৱে ৰিতুল শইকীয়াৰ তত্ত্বাৱধানত গ্ৰহণ কৰিছে আধ্যাত্মিকভাব সম্পন্ন সত্ৰীয়া নৃত্য-গীত তথা ভাওনাৰ পাঠ ।

ৰিতুল শইকীয়াই শিশুসকলক দি আহিছে দিহানাম, বৰগীত, নেগেৰা বাদন, গায়ন-বায়নৰ এক মনোমোহা শিক্ষা । শংকৰদেৱৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ মানসেৰে চলোৱা তেওঁৰ এই সাধনাত অঞ্চলটোৰ বহুতো লোকে সহায় সহযোগিতাৰ হাত আগবঢ়োৱাৰ উপৰিও বৰবাম আঞ্চলিক পঞ্চায়তৰ কাউন্সিলাৰ শৰৎ চাৰিঙীয়া ফুকনেও বিভিন্ন সময়ত আখৰাস্থলীত উপস্থিত হৈ শিশুসকলক অন্নদান কৰাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াই আহিছে ।

আনহাতে, অসমৰ জাতীয় জীৱনত প্ৰভাৱ পেলোৱা আৰু বিশ্ব দৰবাৰত অসমৰ মান ৰাখি জিলিকি থকা সত্ৰীয়া সংস্কৃতি ভাওনাক শিশুসকলৰ যোগেদি আগবঢ়োৱাৰ ক্ষেত্ৰত ৰিতুল শইকীয়াই কৰা এই প্ৰচেষ্টাক অঞ্চলটোৰ সংস্কৃতিপ্ৰেমী লোকসকলে শলাগ জনোৱাৰ লগতে নতুন নতুন শিক্ষাৰ্থীক এই নাট্যগোষ্ঠীৰ লগত জড়িত কৰাবলৈও আগ্ৰহ প্ৰকাশ কৰিছে । কিন্তু এটা আখৰা গৃহৰ অভাৱৰ বাবেই এই প্ৰশিক্ষণৰ কাৰ্যসূচী সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰ মাজতেই সীমাবদ্ধ ৰাখিবলগীয়া হোৱা বুলি ৰিতুল শইকীয়াই জানিবলৈ দিয়ে ।

পৰৱৰ্তী সময়ত নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে চাচনীৰ শিলকচুবাম অঞ্চলৰ এই নাট্যগোষ্ঠীৰ সুবিধাৰ বাবে এটি আখৰা গৃহ আৰু কাৰ্যালয় নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি প্ৰশিক্ষক ৰিতুল শইকীয়াই সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷

লগতে পঢ়ক : ভাৰতত ক’ভিড19ত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 19 লাখৰ ঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.