ETV Bharat / state

ডিব্ৰুগড়ৰ আউনিআটী সত্ৰৰ শাখা সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ দিশত গুৰুজনাই সকলোকে এটা শক্তিশালী কৰ্মউদ্যোগী মন প্ৰদান কৰাৰ কামনা কৰে ৷

author img

By

Published : Aug 20, 2020, 4:49 PM IST

Sarbananda Sonowal visited  the branch session of the Aaoniati Satra in Dibrugarh
ডিব্ৰুগড়ৰ আউনিআটী সত্ৰৰ শাখা সত্ৰত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী

ডিব্ৰুগড়,20আগষ্টঃ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫১ সংখ্যক পবিত্ৰ তিৰোভাৱ তিথি ৷ সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে গুৰুজনাৰ তিৰোভাৱ তিথি ৷ ইয়াৰ উপলক্ষে ডিব্ৰুগড়ত জাতীয় সাজপাৰ পৰিধান কৰি শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰত গুৰুজনাৰ শ্ৰীচৰণত সাষ্টাংগে সেৱা জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তদুপৰি গুৰুজনাৰ ওচৰত বৃহত্তৰ অসমীয়া জাতিৰ মংগলৰ অৰ্থে আশীৰ্বাদ বিচাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ডিব্ৰুগড়ৰ লক্ষ্মীনগৰস্থিত শ্ৰী শ্ৰী আউনিআটী সত্ৰৰ শাখা সত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীল অসম গঢ়াৰ দিশত গুৰুজনাই সকলোকে এটা শক্তিশালী কৰ্মউদ্যোগী মন প্ৰদান কৰাৰো কামনা কৰে ৷ ইপিনে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে,গুৰুজনাৰ আদৰ্শৰে ৰাজ্যখনক কৃষ্টি -সংস্কৃতি,ভাষা-সাহিত্য,সামাজিক, অৰ্থনৈতিক আধ্যাত্মিক সকলো দিশতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত সকলোৱে প্ৰতিষ্ঠা কৰিব লাগিব ৷

লগতে পঢ়কঃ৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.