মৰাণ,15 মাৰ্চ: মাহমৰাত দুপৰীয়াৰ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী ৰণডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সোমবাৰে জজলী পাঁচআলিৰ নুমলী বৰুৱাৰ বাসগৃহত জুতি লগাই এসাঁজ উদৰ পুৰাই খালে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।
![দুপৰীয়াৰ আহাৰ গ্ৰহণেৰে নিৰ্বাচনী ৰনডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8017to8019-sarbanandasonowaltakingriceatnumoliboruahshomemahmora-as10031_15032021184602_1503f_1615814162_404.jpg)
সম্পূৰ্ণ থলুৱা প্ৰথাৰে বান কাঁহীত আহাৰ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । পচলা, ঢেকীয়া, আলু পিটিকাৰ জুতি ল’লে মুখ্যমন্ত্ৰী গৰাকীয়ে । উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী যোগেন মহন আৰু বহু কেইজন জ্যেষ্ঠ বিজেপি নেতাই নুমলী বৰুৱাৰ ঘৰত আহাৰ গ্ৰহণ কৰে ।
লগতে পঢ়ক: ৰাজকুমাৰ নীলনেত্ৰ নেওগৰ হৈ প্ৰচাৰত ব্যস্ত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী