ETV Bharat / state

সাপেখাতীৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস - শংকৰদেৱ শিশু নিকেতন

দিনজোৰাকৈ উদযাপন কৰা হ'ল সাপেখাতীৰ শংকৰদেৱ শিশু নিকেতনৰ ঊনবিংশতম প্ৰতিষ্ঠা দিৱস ৷ 2003 চনৰ 13 ফেব্ৰুৱাৰীত জন্ম লাভ কৰিছিল সাপেখাতী অঞ্চলৰ অন‍্যতম শিক্ষাৰ প্ৰতিষ্ঠান শংকৰদেৱ শিশু নিকেতন ৷ ঊনবিংশতম প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন ৷

sapekhati sankardev shishu niketan observed 19th foundation day

author img

By

Published : Feb 14, 2021, 1:45 PM IST

মৰাণ,14 ফেব্ৰুৱাৰী: সাপেখাতীৰ অন‍্যতম শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ শিশু নিকেতনৰ ঊনবিংশতম প্ৰতিষ্ঠা দিৱস শনিবাৰে দিনজোৰাকৈ উদযাপন কৰা হয় ৷ 2003 চনৰ 13 ফেব্ৰুৱাৰীত সাপেখাতীৰ কেইগৰাকীমান ব্যক্তিৰ প্ৰচেষ্টাত জন্ম লাভ কৰা শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অন্যান্য কাৰ্যসূচীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে এখনি সজাগতামূলক নাট প্ৰদৰ্শন কৰে ৷

sapekhati sankardev shishu niketan observed 19th foundation day
ছাত্ৰ ছাত্ৰী সকলে প্ৰদৰ্শন কৰা সজাগতামূলক নাটৰ দৃশ্য

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি বিদ্যালয়ৰ আচাৰ্য‍ বিদুৎ হাজৰিকাই পুৱা পতাকা উত্তোলন কৰাৰ পাছতে যোগাসন, প্ৰাণায়াম ইত্যাদিৰে কাৰ্যসূচী আৰম্ভ হয় ৷ আচাৰ্য‍ বিদুৎ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সত্যৰঞ্জন বৰুৱা, বাণী চাংমাই আৰু প্ৰদীপ বৰাই বক্তব্য প্ৰদান কৰি বিদ্যলয়ৰ গৌৰৱময় ইতিহাসৰ আভাস দাঙি ধৰে ৷ শনিবাৰে অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো উপস্থিত থাকে ৷

লগতে পঢ়ক: টিংখাঙত নতুন বিদ্যালয় গৃহ মুকলি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.