ডিব্ৰুগড়, 25 ডিচেম্বৰ : ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত ৰাজ্যৰ দুটাকৈ ছাত্র সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত হোৱা সংঘৰ্ষৰ পিছত ডিব্ৰুগড়ৰ ছাত্ৰ সন্থাৰ কৰ্মীক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই জনাইছে প্ৰতিক্ৰিয়া (Sankor jyoti Baruah on AASU ACP conflict) । ছাত্ৰ নেতা গৰাকীয়ে কয় যে, '' বিনা দোষত আছু কৰ্মীৰ ওপৰত পৰা প্ৰতিটো লাঠীৰ কোবৰ হিচাপ দিব লাগিব আৰক্ষীয়ে ।''
আছুৰ সম্পাদক গৰাকীয়ে লগতে কয়, ৰাজনৈতিক শক্তিৰ প্ৰভাৱত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে এটা বৃহৎ আৰক্ষীৰ দল লৈ ডিব্ৰুগড়ৰ আছুৰ শ্বহীদ ভৱনৰ পৰা অকতৃত্বশীল ভাৱে আছু কৰ্মী সকলক মাৰধৰ কৰি আটক কৰিছে । আছু কৰ্মী সকলক বিনাচৰ্তে মোকলাই নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ'ব লাগিব ডিব্ৰুগড় আৰক্ষী । সমগ্ৰ ঘটনাত ডিব্ৰুগড়ৰৰ অভিভাৱক মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ নিৰ্দেশতেই হোৱাৰ অভিযোগ উত্থাপিত কৰিলে আছুৰ সম্পাদক শংকৰ জ্যোতি বৰুৱাই ।
ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত ৰাজ্যৰ দুটাকৈ ছাত্র সংগঠন সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ছাত্ৰ পৰিষদৰ মাজত শেহতীয়াকৈ সৃষ্টি হৈছে তীব্ৰ সংঘৰ্ষ(AASU ACP clash in Dibrugarh) ।
নিবাৰ্চনক কেন্দ্ৰ কৰি সংঘটিত (Student body election conflict in Dibruagarh) হোৱা এই ঘটনাক লৈ চহৰখনত বিৰাজ কৰিছে চেপা উত্তেজনা । দুয়োপক্ষই দিয়া এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে দহজনতকৈ অধিক লোকক । ইফালে, এই ঘটনাত আহত হৈছিল পাঁচজনকৈ লোক । ঘটনা সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জিলা আৰক্ষীৰ অধীক্ষক গৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে ।
লগতে পঢ়ক : আছু, অসম ছাত্ৰ পৰিষদৰ সংঘৰ্ষ : দুয়োপক্ষৰ দহজনতকৈ অধিক লোকক আটক