মৰাণ, 8 জুন : সম্প্ৰতি ৰাজ্যত অব্যাহত থকা ক’ভিড (Covid) সৃষ্ট পৰিৱেশৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ সমান্তৰালভাৱে অন্যান্য বে-চৰকাৰী দল-সংগঠনৰ তৰফৰ পৰাও পাৰ্যমানে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে ৷ এই ক্ষেত্ৰত টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড (OIL)ৰ সহযোগত সংক্ৰমণ ৰোধৰ বাবে টেঙাখাত কঠালনি, টেঙাখাত বজাৰ এলেকা, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, টেঙাখাত থানা, বেংক, টেঙাখাত কলেজ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদ আৰু লেংৰাই বজাৰকে ধৰি টেঙাখাতৰ বিভিন্ন স্থানত ছেনিটাইজেশ্যন কৰা হয় ৷
টেঙাখাত আছু (AASU)ৰ বহু কেইজন সদস্যৰ সহযোগত জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি ধনজিত সন্দিকৈ, ক্ৰীড়া সম্পাদক উমানন্দ গোঁহাই, সাহিত্য সম্পাদক অৰ্জুন চেত্ৰী আৰু টেঙাখাত আছুৰ সম্পাদক সীমান্ত হাজৰিকাই ছেনিটাইজেশ্যন কাৰ্যসূচীৰ তদাৰক কৰে ৷
লগতে পঢ়ক: বামুনী পাহাৰৰ হাতীৰ মৃত্যুৰ প্ৰতিবেদন মনে সজা: সৌম্যদ্বীপ দত্ত