মৰাণ, 23 এপ্ৰিলঃ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ তিলৈ 71নং সমবায়ৰ সমিতিৰ চাউল বিতৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰাইজৰ ৷ খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰীক চাউল নিদিয়াৰ অভিযোগ এজেন্ট বাসুদেউ চাহুৰ বিৰুদ্ধে ।
উল্লেখ্য যে,মৰাণৰ তিলৈ ৭১নং সমবায়ৰ এজেন্ট বাসুদেউ চাহুৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ ৷ খাদ্য সুৰক্ষা আঁচনিৰ অন্তৰ্ভুক্ত হিতাধিকাৰী ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত সদস্যৰ বিপৰীতে বিনামূলীয়া চাউল নোপোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। প্ৰতিটো পৰিয়ালৰ নামত অহা চাউলৰ পৰা প্ৰায় ২ কিলোগ্ৰামকৈ কাটি ৰখাৰ অভিযোগ কৰিছে ৰাইজে । তাৰোপৰি প্ৰত্যেকটো হিতাধিকাৰী পৰিয়ালৰ সদস্যক ৫ কিলোগ্ৰাম চাউল দিব লাগে যদিও কিছুমান হিতাধিকাৰীৰ নামত অহা চাউল আত্মসাৎ কৰি ক'লা বজাৰত অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে । উল্লেখযোগ্য যে,৭১ নং সমবায়ৰ এজেণ্ট বাসুদেউ চাহুৰ নামত থকা দোকানখনত নিজে উপস্থিত নাথাকি তেওঁৰ ভাতৃ তিলক চাহুক সমগ্ৰী সমূহ বিতৰণ কৰিবলৈ দিয়ে । এই সমবায় এজেন্টজনে দৰিদ্ৰ ৰাইজলৈ অহা চাউলৰ উপৰিও কেৰাচিনো ৰাইজক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াৰ জোখেৰে নিদিয়াৰ অভিযোগ ৰাইজৰ । ৰাইজে জানিবলৈ দিয়া মতে,চাউল-কেৰাচিন আনিবলৈ গ'লে এজেন্টৰ ভাতৃ তিলক চাহুৱে মহিলা গ্ৰাহকসকলক বেয়া ব্যৱহাৰ কৰে বুলিও গুৰুতৰ অভিযোগ তোলে । ৰাইজৰ অভিযোগৰ পাছতে সাংবাদিক উপস্থিত হোৱাত এজেন্টৰ ঘৰৰ শোৱনী কোঠাৰ পৰা চৰকাৰী চাউলৰ বস্তা উদ্ধাৰ কৰে ৰাইজে । মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰজনলৈ যোগান ধৰা চাউলত দুৰ্নীতি কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক কঠোৰ নিৰ্দেশ দিয়াৰ পাছত এতিয়া মৰাণৰ সমবায় এজেন্ট বাসুদেউ চাহুৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব ?
লগতে পঢ়ক-শিৱসাগৰত জিলা প্ৰশাসনৰ চোৰাং পাচলি জব্দ