ETV Bharat / state

constituency delimitation:মৰাণত সদৌ অসম আহোম সভাত আছুক তীব্ৰ সমালোচনা

মৰাণত সদৌ অসম আহোম সভাৰ সংবাদমেলত আছুক তীব্ৰ সমালোচনা । প্ৰথমে জনজাতিকৰণ কৰি তাৰ পিছতহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ দাবী ।

Press Meet of All Assam Ahom Sabha
সদৌ অসম আহোম সভা
author img

By

Published : Jul 3, 2023, 8:34 PM IST

সদৌ অসম আহোম সভা

মৰাণ, ৩ জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাই ৰাজ্যক উত্তাল কৰিছে । নিতৌ বিভিন্ন স্থানত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ । ইয়াৰ মাজতেই আহোম জনগোষ্ঠীৰ বিভিন্ন জলন্ত সমস্যাক লৈ দেওবাৰে মৰাণত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । এই সভাৰ পিছতে সংগঠনটোৱে মৰাণৰ টাই অধ্যয়ন আৰু গৱেষনা কেন্দ্ৰত এক সংবাদমেল সম্বোধন কৰে । উক্ত সংবাদমেলত সংগঠনটোৱে টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ, স্বায়ত্ত শাসন আৰু শেহতীয়াকৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰে ।

উক্ত সংবাদমেলত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে জনগোষ্ঠীটোক ৰাজনৈতিকভাৱে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে । এই সন্দৰ্ভত কেইবাটাও দাবীও উত্থাপন কৰে সংগঠনটোৱে । সেই অনুসৰি সমষ্টি নিৰ্ধাৰণ আয়োগ গঠন কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা, ২০০১ চনৰ লোকপিয়ল অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পৰিৱৰ্তে ২০১১ চনৰ লোকপিয়ল অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ দাবী উত্থাপন কৰিছে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিয়ে ।

সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গই জনজাতিকৰণৰ পিছতহে পুনৰ নিৰ্ধাৰণ কৰা সমষ্টি সমূহত জনজাতিৰ বাবে সংৰক্ষণ কৰাৰ দাবী জনায় । ইফালে, সমষ্টি পুনৰ নিৰ্ধাৰণ বিষয়ৰ লগতে বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাক নিমাত হৈ থকাৰ অভিযোগ তুলি তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে । বৃহৎ নদীবান্ধকে ধৰি বিভিন্ন জ্বলন্ত সমস্যা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই গা এৰাই চলা বুলি মন্তব্য কৰে সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই । এই সংবাদমেলত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক:Missing pokur press meet : মিচিং ভাষাৰ বিকাশত গুৰুত্ব নিদিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ মিচিং ভাষাৰ পকুৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.