ETV Bharat / state

জেচিম আহমেদৰ "বাঁহীৰ বুকুৱেদি" ৰ শুভমুক্তি - ব্ৰক্ষপুত্ৰৰ বুকুত "বাঁহীৰ বুকুৱেদি কোনেনো বাই সমীৰ সোৱৰণি মেলি" গীতৰ শুভমুক্তি

ব্ৰহ্মপুত্ৰৰ বুকুত "বাঁহীৰ বুকুৱেদি কোনেনো বাই সমীৰ সোঁৱৰণি মেলি" গীতৰ শুভমুক্তি ৷ গীতটোত কণ্ঠদান কৰিছে শিল্পী ৰূপম ভূঞাই ৷

ব্ৰক্ষপুত্ৰৰ বুকুত "বাঁহীৰ বুকুৱেদি কোনেনো বাই সমীৰ সোৱৰণি মেলি" গীতৰ শুভমুক্তি

author img

By

Published : Apr 1, 2021, 9:15 AM IST

মৰাণ,1 এপ্ৰিল: বুঢ়া লুইতৰ বুকুত পুনৰ প্ৰাণ পাই উঠিছে অন্য এক জনপ্ৰিয় গীত ৷ বুধবাৰে বুঢ়া লুইতৰ বুকুত মুক্তি লাভ কৰে ৰূপম ভূঞাৰ নতুন গীত "বাঁহীৰ বুকুৱেদি" ৷

বৰ লুইতৰ বুকুত ঐতিহাসিক বগীবিল দলঙৰ তলত মুক্তি দিয়া হয় গীতটো ৷ ডিব্ৰুগড়ৰ বৰলুইতৰ মাজত ওপঙা নৌকা ব্ৰহ্মপুত্ৰৰ মুকুতাত অনন্য, অভূতপূৰ্ব এক পৰিৱেশত সাংবাদিক জেচিম আহমেদৰ কথা তথা ব্যতিক্ৰমী গীতৰ চৰ্চাৰে অসমৰ ছবি জগতৰ লগতে হিন্দী সংগীতৰ জগতৰ পৰিচিত শিল্পী, সংগীত পৰিচালক, সুৰকাৰ ৰূপম ভূঞাৰ নতুন গীত "বাঁহীৰ বুকুৱেদি" শুভ মুক্তি দিয়া হয় ।

গীতটিৰ সুৰ তপন কুমাৰ তালুকদাৰৰ আৰু সংগীত অসম খ্যাত সংগীত পৰিচালক পৰাণ বৰকটকীৰ । ইফালে গীতটোৰ ষ্টাৰ কাষ্ট হিচাপে এটি loop আৰু lriycal video ত ভূমুকি মাৰিছে সাংবাদিক ইভা মহন্তই ।

বাঁহীৰ বুকুৱেদিৰ শুভমুক্তি

উল্লেখ্য যে, গীতটোৰ বাদ্যযন্ত্ৰবোৰৰ ভিতৰত গীটাৰত সহযোগিতা কৰিছে ৰূপম শৰ্মাই, মিক্স মাষ্টৰ ভূপেশ শইকীয়াৰ । বৰলুইতৰ বুকুত নদী পৰ্যটনত সংযোজন ঘটোৱা আকৰ্ষণীয় নৌকা ব্ৰহ্মপুত্ৰৰ মুকুতা মেলিত এইদৰে গীতটোৰ শুভ মুক্তিৰ অতি ব্যতিক্ৰমী অনুষ্ঠানটো দেখি আপ্লুত হৈ পৰে শশাংক সমীৰ ৷ সমীৰে লক্ষ্মীনাথ বেজবৰুৱাই নৌকাস্থ হোৱাৰ ঘটনাৰ কথা উল্লেখ কৰি এটা গীতে এইদৰে নৌকাষ্ঠ হোৱাটো অদ্বিতীয় বুলি উল্লেখ কৰে ।

গীতটিৰ উদ্বোধনী অনুষ্ঠানত শিল্পী ৰূপম ভূঞা, গীতিকাৰ তথা অভিনেতা শশাংক সমীৰসহ বৃহত্তৰ ডিব্ৰুগড়ৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোঁহাই, জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰা, প্ৰকৃতিপ্ৰেমী তথা ব্ৰহ্মপুত্ৰ মুকুতা নৌকাৰ অন্যতম স্বত্বাধিকাৰী ধীৰাজ বিকাশ গগৈ(বুমণি), ডিব্ৰুগড়ৰ blossom exotica ৰ স্বত্বাধিকাৰী দীপজ্যোতি চেতিয়াসহ বহু কেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: ধূলিস্যাৎ হ'ব বিজেপি মিত্ৰজোঁট: অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.