মৰাণ,7 এপ্ৰিল: ঢোলৰ চাপৰত চেও উঠিছে, পেঁপাৰ মাতত গা উঠিছে ডেকা-গাভৰুৰ ৷ ৰাজ্যৰ সকলো প্ৰান্ততে এতিয়া ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ নাহৰকটীয়াৰ চাচনীৰ আমগুৰি গাঁৱবাসীৰ মাজত ৰঙালীক আদৰাৰ আনন্দ ৷ ব্যস্ততাৰ মাজতে গাঁৱখনৰ এজাক মহিলাৰ কোনোৱে যদি ঢেঁকীশালত পিঠাগুৰি খুন্দিছে, আন কোনো আকৌ ব্যস্ত জুইশালত পিঠা বনোৱাত । সমান্তৰালভাৱে তাঁতশালত ব্যস্ত শিপিনীসকল । এক কথাত যান্ত্ৰিকতাৰ কবলত ক্ৰমাৎ হেৰাই যাব ধৰা ঢেঁকীৰ মাতে গাঁৱবাসীক প্ৰদান কৰিছে ৰঙালীৰ এক সুকীয়া মাদকতা ৷
ইফালে চোতালত চলিছে কণ কণ মইনাহঁতৰ বিহুৰ আখৰা । এই আখৰাত মহিলা, বৃদ্ধাকে ধৰি সকলোৱে অংশ লৈ আনন্দ-উল্লাস কৰা দেখা যায় ৷
লগতে পঢ়ক: কাকপথাৰত আলফাৰ ৪২তম প্ৰতিষ্ঠা দিৱস উদযাপন