ETV Bharat / state

ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Mar 3, 2021, 9:24 AM IST

ডিব্ৰুগড়ৰ বকুল বাইপাছৰ জগন্নাথ মন্দিৰৰ কিছু নিলগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত ৷ দুৰ্ঘটনাত চূৰ্ণ কৃত মাৰুতি 800 বাহন ৷ তিনিজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ৷

ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা
ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা

ডিব্ৰুগড়,3 মাৰ্চ: মঙলবাৰে নিশা ডিব্ৰুগড়ত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ জিলাখনৰ খনিকৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ য’ত দুৰ্ঘটনাগ্ৰস্থ মাৰুতি 800 বাহনখন চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ৷ ইপিনে সংকটজনক অৱস্থাত বাহনখনত থকা যাত্ৰীসকলক উদ্ধাৰ কৰি অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, ডিব্ৰুগড়ত নিৰ্মিত বকুল বাইপাছত সংঘটিত হোৱা দুৰ্ঘটনাটোত শিৱসাগৰৰ AS 04 E 3426 নম্বৰৰ পঞ্জীয়নভূক্ত বাহনখনে AS-23L-2232 নম্বৰৰ এখন ফ’ৰ্ড বাহনত খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয় ৷

উল্লেখ্য যে, নৱনিৰ্মিত বাইপাছটোৰ অধিকাংশতে নৈশ লাইটৰ ব্যৱস্থা নথকাৰ ফলতে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্থ এখন বাহন ডিব্ৰুগড়ৰ এটা প্ৰসিদ্ধ ব্যৱসায়িক গোষ্ঠীৰ । মাৰুতি 800 বাহনখনত ভাতৃ-ভগ্নী আৰু চালক আছিল ৷ তেওঁলোকৰ ঘৰ শিৱসাগৰৰ হাটীকোষত ৷

লগতে পঢ়কঃ বিজেপিত যোগদানৰ পিচতে অথন্তৰ ভূৱন পেগুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.