ETV Bharat / state

চেপনত পথ দুৰ্ঘটনাঃ নিহত এজন

author img

By

Published : Oct 19, 2020, 7:26 PM IST

মৰাণত পথ দুৰ্ঘটনা ৷ থিতাহে নিহত হয় চালক গৰাকী ৷ নিয়ন্ত্ৰণ হেৰুওৱাই বাগৰি পৰে বাহনখন ৷

Road Accident In Moran, One Dead, Two Injured
চেপনত পথ দুৰ্ঘটনাঃ নিহত এজন

মৰাণ, 19 অক্টোবৰ : ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ চেপনত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । AS-04-T-3788 নম্বৰৰ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ-খাৱৈত বাগৰি পৰে । ফলত থিতাতে নিহত হয় চালক চাহিল ৰহমান নামৰ যুৱকজন । মৃত্যু হোৱা যুৱকজনৰ ঘৰ নাজিৰাত বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, ASEB গড়গাঁৱৰ কৰ্মচাৰী চাহিল ৰহমানে দুজন সতীর্থৰ সৈতে ডিব্ৰুগড়ৰ পৰা ঘৰ অভিমুখে আহি থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দুজন আৰোহীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে চাহিল ৰহমানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক : বকোত 'মা কামাখ্যা' নামৰ দৈনিক বজাৰ মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.