খুমটাই, 26 অক্টোবৰ: দশমীৰ দিনাই খুমটাইৰ ৰঢ়লাপথাৰত সংঘটিত পথ দুৰ্ঘটনা ৷ এখন তীব্ৰবেগী বাইকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত সংঘটিত হয় হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় দুজন যুৱক ৷ আহত যুৱক দুজন গোলাঘাটৰ ভাস্কৰ শইকীয়া আৰু দীপজ্যোতি দাস বুলি জানিব পৰা গৈছে ৷

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাচতে স্থানীয় ৰাইজে ততাকৈয়াকৈ যুৱক দুজনৰ উদ্ধাৰ কৰি গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দিপজ্যোতি দাস নামৰ যুৱক গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক: নগাঁৱত নিশা পৰ্যন্ত বিসৰ্জন ঘাটত কৰ্তব্যত ব্যস্ত আৰক্ষী