মৰাণ,29 ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অৰ্ন্তগত খোৱাং তেল ডিপোৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে বিয়লি এক পথ দুৰ্ঘটনাত গুৰুতভাৱে আহত মৰাণ জুনিয়ৰ কলেজৰ এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰী ।
ঘটনা অনুসৰি এজন সহপাঠীৰ সৈতে AS-06-Y5449 নম্বৰৰ স্কুটীৰে মৰাণ জুনিয়ৰ কলেজৰ পৰা নিজা ঘৰ অভিমুখে খোৱাঙৰ দিশলৈ গৈ থাকোঁতে দুৰ্ঘটনাত পতিত হয় । আনহাতে স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত দুই ছাত্ৰ-ছাত্ৰীক তিলৈ চিকিৎসালয়লৈ লৈ যায় । উল্লেখযোগ্য যে, দুৰ্ঘটনাত পতিত হোৱা ছাত্ৰ-ছাত্ৰী দুয়োৰে নাম আৰু ঠিকনা জানিব পৰা হোৱা নাই ।
লগতে পঢ়কঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী