ETV Bharat / state

লালুকাত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক সোমাল বাসগৃহত

author img

By

Published : Nov 1, 2019, 5:59 AM IST

Updated : Nov 1, 2019, 7:57 AM IST

ডিব্ৰুগড়ত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ তীব্ৰবেগী লোহাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰৱেশ কৰে মানুহৰ বাসগৃহত ৷ ঘটনাৰ ফলত এজন লোক গুৰুতৰভাৱে আহত ৷

লালুকাত পথ দুৰ্ঘটনা

ডিব্ৰুগড়, 31 অক্টোবৰঃ ডিব্ৰুগড়ত বৃহস্পতিবাৰে নিশা এখন লোহাভৰ্তি ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰৱেশ কৰে মানুহৰ বাসগৃহত ৷ তীব্ৰবেগী ট্ৰাকখনে লালুকাত এখন বাইক মহতিয়াই নি প্ৰৱেশ কৰে এঘৰত ৷ AS-06BC-2836 নম্বৰৰ লোহা ভৰ্তি ট্ৰাক খনে AS-07J-3196 নম্বৰৰ মটৰ চাইকেলখন মহতিয়াই নিয়াৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

লালুকাত পথ দুৰ্ঘটনা

লগতে পঢ়কঃ স্থলসেনাৰ উদ্যোগত ঢালিগাঁৱত কৌশলী বিকাশ অনুষ্ঠান

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি,ডিব্ৰুগড়ৰ দিশৰ পৰা গৈ থকা ট্ৰাকখনে ভুল দিশেৰে আহি মৰাণৰ দিশৰ পৰা আহি থকা মটৰচাইকেল আৰোহীজনক মহতিয়াই নিয়ে ৷ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনে প্ৰৱেশ কৰে পথৰ কাষৰ দোকানৰ লগতে চঞ্জু আহমেদ নামৰ লোকজনৰ বাসগৃহত ৷ দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহীজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চঞ্জু আহমেদৰ ভাতৃ অভি আহমেদকো আঘাতপ্ৰাপ্ত কৰে ৷ আঘাতপ্ৰাপ্ত দুয়োজনকে উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ৷

আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ট্ৰাকখনৰ চালকজনে ৷ ঘটনাৰ পিচতে দীৰ্ঘসময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথটোত বহু যানবাহন আবদ্ধ হৈ পৰাৰ ফলতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত মটৰচাইকেল আৰোহীজনক বৰ্তমান সময়লৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷

লগতে চাওকঃ দুই লাখ টকীয়া দুটা বিদ্যুৎ মাচুলৰ বিল ! হতবাক গৃহস্ত

Intro:ডিব্ৰুগড়ৰ লালুকাক ভয়ংকৰ দুৰ্ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা তীব্ৰ বেগী ট্ৰাক গৈ সোমালগৈ ঘৰৰ ভিতৰত।AS06BC 2836 নম্বৰৰ লোহা ভৰ্তি ট্ৰাক খনে AS07J 3196 নম্বৰৰ মটৰ চাইকেলৰ ওপৰেৰে পাৰ হৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত মহতীয়াই এঘৰ লোকৰ বাসগৃহত সোমাইগৈ।মটৰচাইকেল আৰুহী জনৰ অৱস্থা সংকটজনক।আন কেইবাজনো লোক আহত।ঘটনাক লৈ উতপ্ত পৰিস্থিতি।
প্ৰায় দুই কিলোমিটাৰ পথত আবদ্ধ যান বাহন।
স্থানীয়ৰ মতে ডিব্ৰুগড়ৰ দিশৰ পৰা গৈ থকা লোহা ভৰ্তি ট্ৰাকখনে পথৰ সো কাষেৰে ভুল দিশত তীব্ৰ বেগত আহি মৰাণৰ দিশৰ পৰা আহি থকা বাইক আৰোহী জনক মহতীয়াই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দোকানৰ লগতে চঞ্জু আহমেদ নামৰ যুৱকজনৰ গৃহত খুণ্ডা মাৰি সোমাই যায়।ইফালে বাইক আৰোহী জন ট্ৰাকৰ তলত সোমাই পৰে।গৃহটোৰ আন এজন চঞ্জুৰ ভাতৃ অভি আহমেদো গুৰুত্বৰ ভাৱে আহত হৈছে বুলি স্থানীয়ই জনাইছে।বাইক আৰোহী আৰু অভি আহমেদক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয়ই।লখিমপুৰৰ পঞ্জীয়ন ভুক্ত বাইকখনৰ আৰোহীজন অবশ্যে চিনাক্ত হোৱা নাই।
ঘটনা সংঘটিত কৰা ট্ৰাক চালকজন পলায়ন কৰে।
উল্লেখ যে
দোকানখন ভাঙি চূৰ্ণকৃত হোৱাৰ লগতে বাইকখনো একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হয়।

Byte:1,2,

ইফালে ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিৱেশ।ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল আৰু যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিৱেশ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ Body:DoConclusion:Do
Last Updated : Nov 1, 2019, 7:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.