ডিব্ৰুগড়, ১০ জুন : বৃহস্পতিবাৰে ডিব্ৰুগড়ত উদ্ধাৰ হ'ল এজন লোকৰ মৃতদেহ । দৈনিক ৰিক্সা চলাই জীৱিকা অৰ্জন কৰিছিল লোকজনে । মৃত ব্যক্তিজনৰ নাম 'কালে' বুলি জানিব পৰা গৈছে । পদপথত খাদ্য বিক্ৰী কৰা এখন অস্থায়ী দোকানত লোকজনৰ মৃতদেহ উদ্ধাৰ হয় ।
ৰিক্সা চালকজনে প্ৰায়ে অধিক মাত্ৰাত সুৰাপান কৰিছিল বুলি একাংশ লোকে জানিবলৈ দিছে । সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে লোকজনৰ মৃতদেহ । আনহাতে, ৰিক্সা চালকজন এনেদৰে মৃত অৱস্থাত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । লোকজনৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক:মহানগৰীত উদ্ধাৰ জোনাইৰ ১০ বছৰীয়া শিশু