ETV Bharat / state

ক’ভিড আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যু - শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা

কৰ’ণা আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ ছোৱালী হাইস্কুলৰ শিক্ষকৰ মৃত্যু ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ ৷

retired-teacher-death-dibrugargh-due-to-covid
ক’ভিড আক্ৰান্ত হৈ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকৰ মৃত্যু
author img

By

Published : May 24, 2021, 7:50 PM IST

ডিব্ৰুগড়, 24 মে': ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে মহামাৰী কৰ’ণাই ৷ বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ কৰ’ণা আক্ৰান্ত হৈ এইবাৰ মৃত্যু হল এজন শিক্ষকৰ ৷

ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ ছোৱালী হাইস্কুলৰ শিক্ষক ইমৰান হুছেইন বৰা ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৫ বছৰ ৷ ১৯৫৬ চনত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা বৰাৰ পিতৃ আছিল ফজলুল হুছেইন বৰা আৰু মাতৃ আছিল ফাইজুন নেছা ।

তেওঁ ১৯৯৫ চনত গ্ৰাহাম বজাৰ ছোৱালী বালিকা স্কুলত চাকৰিত যোগদান কৰি সেইখন বিদ্যালয়ৰ পৰাই ২০১৬ চনত অৱসৰ গ্ৰহণ কৰে । সৰুৰে পৰাই অতি মেধাৰ পৰিচয় দিয়া আৰু অতি অমায়িক প্ৰকৃতিৰ ইমৰান হুছেইন বৰাই মৃত্যুৰ আগলৈকে ছোৱালী হাইস্কুল খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপে সেৱা আগবঢ়াইছিল ।

বৰাৰ মৃত্যুৰ সময়ত তেওঁৰ পত্নী তথা ডিব্ৰুগড় চিটি কলেজৰ অধ্যাপিকা ড৹ ফৰিদা ৰহমান হাজৰিকা আৰু একমাত্ৰ পুত্ৰৰ লগতে পৰিয়ালৰ অনেক আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায় । সোমবাৰে তেওঁৰ জানাজা নালিয়াপুল কবৰস্থানত ক’ভিড বিধি অনুযায়ী সম্পন্ন কৰা হয় ৷

বৰাৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে সমগ্ৰ নালিয়াপুল অঞ্চলটোত শোকৰ ছাঁ পৰে । তেওঁৰ মৃত্যুত গ্ৰাহাম বজাৰ ছোৱালী স্কুলৰ শিক্ষক কৰ্মচাৰীৰ লগতে অনেক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে শোক প্ৰকাশ কৰে ।

ইয়াৰোপৰি বৰাৰ মৃত্যুত ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাদিজৰ সভাপতি আৰু সম্পাদকৰ লগতে অনেক অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক : ক’ভিডৰ বিৰুদ্ধে অনন্য পদক্ষেপ বিশ্বনাথৰ এদল যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.