ETV Bharat / state

Bharat jodo jatra in Dibrugarh : কা' আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধা জনালে কংগ্ৰেছ নেতৃত্বই - Remembering Martyrs of CAA movement in Bharat

CAA আন্দোলনৰ পাঁচ শ্বহীদক শ্ৰদ্ধা জনাই ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল ভাৰত জোড়ো যাত্ৰা (Bharat jodo jatra at Dibrugarh) ৷ কংগ্ৰেছ চৰকাৰ আহিলে CAA বাতিল কৰা হ'ব বুলি ৰাজ্যবাসীলৈ আশ্বাস প্ৰদান ভূপেন বৰাৰ (APCC President Bhupen Borah) ৷

Bharat jodo jatra at Dibrugarh
'কা' আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধা জনালে কংগ্ৰেছ নেতৃত্বই
author img

By

Published : Dec 12, 2022, 8:33 PM IST

'কা' আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধা জনালে কংগ্ৰেছ নেতৃত্বই

ডিব্ৰুগড় ,12 ডিচেম্বৰ: ভাৰত জোড়ো যাত্ৰাই আজি ভৰি দিলে 42 দিনত (Bharat jodo jatra at Dibrugarh) ৷ CAA আন্দোলনৰ পঞ্চ শ্বহীদক শ্ৰদ্ধা জনাই সোমবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় ভাৰত জোড়ো যাত্ৰা (Martyrs of CAA movement) । দেশ জুৰি চলা এই ভাৰত জোড়ো যাত্ৰা অসমত আৰম্ভ কৰা হৈছিল ধুবুৰীৰ পৰা ৷

এই ভাৰত জোড়ো যাত্ৰাই 42 টা দিন সম্পন্ন কৰাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় মানকটা খেলপথাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল জনসভা ৷ ডিব্ৰুগড় মানকটা খেলপথাৰৰ পৰা বাহিৰ হয় এক বিশাল পদযাত্ৰা । পদযাত্ৰাৰ পূৰ্বে কা’ আন্দোলনৰ পাঁচ শ্বহীদলৈ শ্ৰদ্ধা জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে কংগ্ৰেছ নেতৃত্বই ।

কা’ বিৰোধী আন্দোলনত যোগদান কৰি প্ৰশাসনৰ গুলীত প্ৰাণ হেৰুওৱা দীপাঞ্জল দাস, আব্দুল আলী, ঈশ্বৰ নায়ক, ছেম ষ্টেফ’ৰ্ড, দীজেন্দ্ৰ পাংগিঙক স্মৰণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসম চুক্তিৰ আত্মাক হত্যা কৰা হৈছে (Citizenship amendment bill)। কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলেই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব বুলি ইতিমধ্যে দলটো সংকল্পৱদ্ধ বুলি সভাপতিগৰাকীয়ে কয় (Citizenship amendment act) ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব বুলি ঘোষণা কৰিছে বুলি জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে । লগতে শৈক্ষিক ক্ষেত্ৰত আগবঢ়া ডিব্ৰুগড় চহৰত ৰাইজে যি ধৰণেৰে ভাৰত জোড়ো যাত্ৰাক সঁহাৰি প্ৰদান কৰিছে ইয়ে দলটোক যথেষ্ট সাহস, উৎসাহ প্ৰদান কৰিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (APCC President Bhupen Borah) ।

আজি ডিব্ৰুগড়ত পাঁচ সহস্ৰাধিক লোকে ভাৰত জোড়ো পদযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । জনসভাত উপস্থিত ভাৰত জোড়ো যাত্ৰাৰ অসমৰ মুখ্য সমন্বয়ক ৰমেন বৰঠাকুৰ, কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ (MP Gaurav Gogoi), প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ লগতে শতাধিক ৰািজ ।

লগতে পঢ়ক: Protest in Nagaon : ন্যায্য প্ৰপ্তিৰ দাবীত নগাঁৱৰ ৰাজপথত আশাকৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.