মৰাণ,13 মে’: ডিব্ৰুগড় জিলাৰ মৰাণত ক’ভিডত আক্ৰান্ত সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলস্বৰূপে কঠোৰ হৈ পৰিছে প্ৰশাসন ৷ সেই অনুসৰি বুধবাৰে মৰাণ ৰাজহ চক্ৰৰ অধীনৰ স্থানৰ সকলো ধৰ্মীয় অনুষ্ঠানৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মৰাণ ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া পাপৰি বৰগোঁহাইয়ে ।
মৰাণ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই বৈঠকত পৰৱৰ্তী 15 দিনৰ বাবে মৰাণৰ সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰে অতিৰিক্ত চক্ৰ বিষয়াগৰাকীয়ে । লগতে তেওঁ চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনাসমূহ অৱগত কৰি দি সকলোৱে যাতে সহযোগ কৰে তাৰ আহ্বান জনায় ৷
আনহাতে, শুকুৰবাৰে ঈদ উপলক্ষে কেতবোৰ সিদ্ধান্তৰ সন্দৰ্ভত অতিৰিক্ত চক্ৰ বিষয়াগৰাকীয়ে কয় যে, ঈদৰ সময়ত মছজিদত এজন মৌলবীয়ে নামাজ পঢ়িব আৰু বাকীসকলে নিজ নিজ ঘৰতে নামাজ পঢ়ি ঈদ উদযাপন কৰিব । মঠ, মন্দিৰ, গীৰ্জা আৰু নামঘৰত কেৱল এজন লোককহে সোমোৱাৰ অনুমতি প্ৰদান কৰা হ’ব ।
লগতে পঢ়ক : নতুন মুখ্যমন্ত্ৰীকলৈ আশাবাদী ৰাজ্যৰ ঋণগ্ৰস্ত মহিলা