ETV Bharat / state

ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ? - Assam Government completes one year

মঙলবাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে (Assam Government led by Himanta Biswa Sarma completes one year) । ধুমধামেৰে পালন কৰা হ’ল ৰাজ্য চৰকাৰৰ বৰ্ষপূৰ্তিৰ অনুষ্ঠান ৷ কিন্তু চৰকাৰৰ বৰ্ষপূৰ্তিক লৈ কিমান সুখী ছাত্ৰ সমাজ ? চাওক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে এই বিষয়ত কি কয়(Reaction of Dibrugarh university's students in One year completion of Assam government) ?

reaction-of-dibrugarh-universitys-students-in-one-year-completion-of-assam-government
ডিব্ৰুগড় বিশ্ববিদ্যালয়
author img

By

Published : May 11, 2022, 9:40 AM IST

Updated : May 11, 2022, 9:52 AM IST

মৰাণ, 11 মে’ : ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সম্পূৰ্ণ কৰিলে এবছৰ(Assam Government led by Himanta Biswa Sarma completes one year) ৷ ৰাজ্য চৰকাৰে ইয়াৰ লগত সংগতি ৰাখি মহানগৰীত অনুষ্ঠিত কৰা বৰ্ষপূৰ্তিৰ অনুষ্ঠান সন্দৰ্ভত বিভিন্নজনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ বিশেষকৈ ৰাজ্য চৰকাৰে বিগত এবছৰে কৰা কাম-কাজৰ সন্দৰ্ভত বাৰুকৈয়ে চৰ্চিত হৈছে বিভিন্ন মহলত ৷

reaction-of-dibrugarh-universitys-students-in-one-year-completion-of-assam-government
অসম চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ অনুষ্ঠান

শাসনৰ বাঘজৰী গ্ৰহণ কৰাৰ পিছতে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্য চৰকাৰৰ এবছৰীয়া কাৰ্যকালৰ ভিতৰত প্ৰায় এক লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব ৷ ইয়াৰ লগতে আন কেইবাটাও প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীগৰাকীয়ে যুৱচামৰ বাবে ঘোষণা কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে মুখ্যমন্ত্ৰী ড৹ শৰ্মা চৰকাৰৰ এবছৰীয়া বৰ্ষপূৰ্তিৰ ক্ষণত প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া(Reaction of Dibrugarh university's students in One year completion of Assam government) ৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, বিধায়কক শুভেচ্ছা জনাই বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে কয় যে, আন্তঃগাঁথনিমূলক কিছু উন্নয়ন কৰাত চৰকাৰখন সফল হৈছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূর্ণকৈ বিফল হৈছে ৷ আনহাতে নিবনুৱাক চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, সেই প্ৰতিশ্ৰুতিও আজি আধৰুৱা হোৱা দেখা গৈছে ৷ আনফালে, আন একাংশ ছাত্ৰই আকৌ বিশ্ববিদ্যালয়খনৰ উন্নীতকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা দেখা যায় ৷

লগতে চাওক: অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰাৰ পাছতে মৰাণত আনন্দৰ জোৱাৰ

Last Updated : May 11, 2022, 9:52 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.